NORTHEAST NOW (Assamese)
অসম

গোলাঘাট জিলাৰ বিজুলী বনাঞ্চলত হাতীৰ শুৰ বিহীন মৃতদেহ উদ্ধাৰ

Posted by: উত্তম শইকীয়া March 2, 2018 10:40 am
elephant 1

গোলাঘাট জিলাৰ বিজুলী বনাঞ্চলৰ ভিতৰত উদ্ধাৰ হৈছে এটা হাতীৰ মৃতদেহ ৷ বন্যপ্ৰানী আৰু মানুহৰ সংঘাতৰ শেহতীয়া ঘটনাসমূহৰ লগত এই ঘটনাৰ কিবা মিল থাকিবও পাৰে যদিও সেয়া নিশ্চিত কৰিব পৰা হোৱা নাই।

শূৰ বিহীন এই মৃতদেহৰ কাষতে বাঁহৰ এখন চাঙত কেতবোৰ হাতীৰ শুকান মাংসও উদ্ধাৰ হৈছে ৷

elephant

কোনো দুস্কৃতিকাৰীয়ে হাতীটো হত্যা কৰি মাংস শুকোৱাবৰ বাবে বাঁহৰ চাংখন ব্যৱহাৰ কৰা বুলি স্থানীয় লোকে সন্দেহ কৰিছে ৷

হত্যাকাৰীয়ে হাতীটো হত্যা কৰি শুৰডাল কাটিবৰ বাবে বিদ্যুত চালিত কৰত ব্যবহাৰ কৰাৰ উপৰিও মাংসও ভক্ষণ কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷

ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক গৈ উপস্থিত হৈছে যদিও হত্যা কৰা হাতীটো সম্পৰ্কত বিশেষ তথ্য আগবঢ়াবলৈ তেওঁলোকৰ হাতত কোনো সৱিশেষ নাই।

হাতীটো কিছুদিনৰ পূৰ্বেই হত্যা কৰা বুলি নিশ্চিত কৰিছে বন বিভাগৰ লোকে ৷