NORTHEAST NOW (Assamese)
অসম

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ চিবিআই তদন্তৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 30, 2020 4:09 pm
k-1-750x375

বলীউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰ মুম্বাই আৰক্ষীৰ পৰা লৈ চিবিআইক অৰ্পন কৰাৰ দাবী তোলা আবেদনখন বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে নাকচ কৰে।

উচ্চতম ন্যায়ালয়ে গোচৰটোৰ শুনানি গ্ৰহণ কৰি কয় যে মুম্বাই আৰক্ষীক তেওঁলোকৰ কাম কৰিবলৈ দিয়া উচিত।

মুখ্য ন্যায়াধীশ এছ এ ব’বডে, ন্যায়াধীশ এ এছ বোপান্না আৰু বি ৰামাসুব্ৰমনিয়মক লৈ গঠিত বিচাৰপীঠখনে কয় যে মুম্বাই আৰক্ষীকতেওঁলোকৰ কাম কৰিবলৈ দিয়া উচিত আৰু কিবা থাকিলে মুম্বাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা উচিত।

উচ্চ ন্যায়ালয়ত অলকা প্ৰিয়াই দাখিল কৰা আবেদনত দাবী কৰা হৈছিল যে সুশান্তৰ গোচৰটোৰ তদন্ত চিবিআইক অৰ্পন কৰা উচিত।

যোৱা ১৪জুনত সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল। দুপৰীয়া তেওঁক মুম্বাইৰ নিজৰ ফ্লেটত ফেনত চিপ লৈ ওলমি থকা অৱস্থাত পোৱা গৈছিল।

ইয়াৰ পাছতে এই ঘটনাৰ মুম্বাই আৰক্ষীয়ে তদন্ত চলাই আছে।

ইতিমধ্যে, এই গোচৰত মুম্বাই আৰক্ষীয়ে মহেশ ভাট, কৰণ জোহৰৰ চিইঅ’কে ধৰি কেইবাজনো বিশিষ্ট লোকৰ ভাষ্য গ্ৰহণ কৰিছে।