NORTHEAST NOW (Assamese)
অসম

মণিপুৰত ভাৰতীয় সেনাক আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ তিনি সংগঠন এম এন পি এফ, পি এলএ আৰু আলফা স্বাধীনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 30, 2020 6:17 pm
ULFA-PLA-1024x512

মণিপুৰ নাগা পিপুলছ ফ্ৰন্ট (এম এন পি এফ), পিপুলছ লিবাৰেশ্যন আৰ্মি (পি এলএ) আৰু আলফা স্বাধীনে আজি এক যৌথ বিবৃতিযোগে ভাৰতীয় সম্প্ৰসাৰণবাদৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে।

বিবৃতিটোত কোৱা হৈছে যে আন্তৰ্জাতিকভাৱে সম্প্ৰসাৰণবাদৰ যুগৰ অৱসান ঘটিছে যদিও ভাৰতীয় সম্প্ৰসাৰণবাদৰ অৱসান ঘটা নাই।

সমগ্ৰ বিশ্বই সম্প্ৰসাৰণবাদৰ বিৰুদ্ধে মন বন্ধাৰ সময়তে পশ্চিম দক্ষিণ পূব এছিয়াৰ লোকসকলে ভাৰতৰ সম্প্ৰসাৰণবাদৰ বিৰুদ্ধে যুঁজ দি আহিছে।

বিবৃতিটোত কোৱা হৈছে যে সেয়েহে পশ্চিম দক্ষিণ পূব এছিয়াৰ লোকসকলে এতিয়াও আমাৰ স্বাধীনতাৰ বাবে ভাৰতৰ সাম্ৰাজ্যবাদী শাসনৰ বিৰুদ্ধে যুঁজ দি আছে।

ভাৰতীয় সাম্ৰাজ্যবাদ তথা সম্প্ৰসাৰণবাদৰ বিৰুদ্ধে সংগ্ৰামৰ অংশ হিচাপে  এম এন পি এফ, আৰ পি এফ আৰু আলফা স্বাধীনৰ এক যৌথ সামৰিক শক্তিয়ে যোৱা ২৯ জুলাইত আইঅ’এফ (ভাৰতীয় দখলদাৰী শক্তি)ৰ বিৰুদ্ধে  মণিপুৰৰ চাজিক টাম্পাক অঞ্চলত আক্ৰমণ চলায়।

WhatsApp Image 2020-07-30 at 5.11.32 PM

এই যৌথ সামৰিক অভিযানত  প্ৰায় ৪জন আইঅ’এফ জোৱান নিহত হোৱাৰ লগতে বহুকেইজন আহত হোৱা বুলিও সংগঠনকেইটাই বিবৃতিটোত দাবী কৰে।

বিবৃতিটোত লগতে স্বাধীনতাৰ সংগ্ৰমত পশ্চিম দক্ষিণ পূব এছিয়াৰ লোক নিহত তথা আহত হোৱাৰ বাবে সংগঠনকেইটাই দুখ প্ৰকাশ কৰে।

সংগঠনকেইটাই বিবৃতিটোত পশ্চিম দক্ষিণ পূব এছিয়াৰ লোকসকলেক ভাৰতীয় সেনাৰ আঁতৰি থকাৰ আহ্বান জনাই তেওঁলোকৰ বিৰুদ্ধে কৰ’না ভাইৰাছ বিয়পোৱাৰ অভিযোগ আনে।