NORTHEAST NOW (Assamese)
দেশ

বিশ্ব বিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা বাদ দিয়াৰ দাবী অৰুন্ধতী ৰায়ৰ বক্তৃতা, কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 30, 2020 6:29 pm
Arundhati Roy

সময়ে সময়ে নিজৰ তীক্ষ্ণ কলমৰ বাবেই বিভিন্ন পক্ষৰ ৰোষত পৰি অহা বুকাৰ বিজয়ী সাহিত্যিক অৰুন্ধতী ৰায় পুনৰ আন এক বিতৰ্কত সোমাই পৰিছে।

এইবাৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে কেৰালাত।

কেৰালাৰ কালিকট বিশ্ব বিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ ইংৰাজী সাহিত্যৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হৈছিল প্ৰখ্যাত লেখিকা গৰাকীৰ এটা বক্তৃতা।

কালিকট বিশ্ব বিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ তৃতীয় ছেমিষ্টাৰৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিবলগীয়া পাঠ্যক্ৰমত অৰুন্ধতী ৰায়ৰ ‘কাম ছেপ্তেম্বৰ’শীৰ্ষক বক্তৃতাটো সন্নিবিষ্ট হৈছিল।

বক্তৃতাটোত লেখিকা গৰাকীয়ে উল্লেখ কৰিছিল যে কাশ্মীৰৰ অহিংস আন্দোনক ভাৰত চৰকাৰে কঠোৰ ভাৱে দমণ কৰি আহিছে।

লেখিকা গৰাকীৰ এনে মন্তব্যত জাঙুৰ খাই উঠিছে কেৰালা বিজেপিৰ নেতা কে সুৰেন্দ্ৰন।

ইতিমধ্যে অৰুন্ধতী ৰায়ৰ বক্তৃতাটো পাঠ্যক্ৰমৰ পৰা বাদ দিয়াৰ দাবী জনাই কে সুৰেন্দ্ৰনে কেৰালাৰ ৰাজ্যপাললৈ এখন পত্ৰ লিখিছে।

পত্ৰখনত বিজেপি নেতা গৰাকীয়ে অৰুন্ধতী ৰায়ৰ বক্তৃতাটোৱে ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি অভিযোগ কৰিছে।

সেইবাবেই সেয়া পাঠ্যক্ৰমৰ পৰা আঁতৰাই পেলাবলৈ দাবী জনাইছে।

ইপিনে বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই কৈছে যে ২০১৯ চনতে বক্তৃতাটো পাঠ্যক্ৰমত সন্নিবিষ্ট কৰা হৈছিল।

একাডেমিক কাউন্সিলৰ অনুমোদন সাপেক্ষেহে সেয়া অন্তৰ্ভূক্ত কৰা হৈছিল বুলি বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰিছে।