NORTHEAST NOW (Assamese)
অসম

নতুন শিক্ষা নীতিয়ে অংকত পাকৈত কৰি তুলিব ভাৰতীয় শিশুক: কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী পখ্ৰিয়াল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 31, 2020 9:56 am
child12

অংক বহুতৰে বাবে জংক-পংক।

সৰুতে অংকৰ সঠিক জ্ঞান আহৰণ নকৰাৰ ফল ডাঙৰ হৈ বহুতেই ভুগিবলগীয়া হয়।

দেশৰ বহু ছাত্ৰ-ছাত্ৰীয়ে দশম শ্ৰেণীত অধ্যয়ন কৰাৰ পিছতো সাধাৰণ অংক এটাও সমাধান কৰিব নোৱাৰে।

কিন্তু দেশত নতুন শিক্ষা নীতি বলৱৎ হোৱাৰ পিছত শিশু সকল আৰু অংকত কেঁচা হৈ নাথাকে।

দেশৰ শিশু সকলক অংকত পাকৈত কৰি তোলাৰ বাবে নতুন শিক্ষা নীতিত ৰখা হৈছে কেতবোৰ বিশেষ ব্যৱস্থা।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংকে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ৩ৰ পৰা ৬ বছৰৰ ভিতৰত শিশু সকলৰ ৮৫ শতাংশ বৌদ্ধিক বিকাশ ঘটে।

এই সময়ছোৱাত শিশু সকলক এৰিমেটিকছৰ সঠিক জ্ঞান দিব পাৰিলে শিশু সকলে প্ৰতিযোগিতামুখী বিশ্বত ভৱিষ্যতে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব বুলি মন্ত্ৰী গৰাকীয়ে কয়।

নতুন শিক্ষা নীতিত দেশৰ শিশু সকলক সৰুৰে পৰাই অংকৰ জ্ঞান প্ৰদানত গুৰুত্ব দিয়া বুলি তেওঁ সদৰী কৰে।

তেওঁ লগতে কয় যে শিশু সকলক ষষ্ঠ শ্ৰেণীৰ পৰাই বৃত্তিমুখী পাঠ্যক্ৰমৰ সৈতে চিনাকি কৰোৱাই দিয়া হ’ব।

ইয়াৰ ফলত দ্বাদশ শ্ৰেণী পোৱা লৈকে তেওঁ লোক অধিক দক্ষ আৰু আত্ম বিশ্বাসী হৈ পৰিব।

নতুন শিক্ষা নীতিয়ে শিক্ষাৰ্থী সকলক দেশতে বিশ্ব মানৰ শিক্ষা লাভৰ সুযোগ দিব বুলিও তেওঁ দৃঢ়তাৰে উল্লেখ কৰে।