NORTHEAST NOW (Assamese)
অসম

মোবাইল ফোনত কথা পাতি গাড়ী চলালে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 31, 2020 2:41 pm
TRANSPORT Mobile 071446

মোবাইল ফোনত কথা পাতি গাড়ী চলোৱাতো বহুতৰে ফেশ্বনত পৰিণত হৈছে।

ইয়াৰ ফলত দেশৰ বিভিন্ন প্ৰান্ত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা।

এনে  ঘটনা ৰোধ কৰাৰ বাবে শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ কঠোৰ সিদ্ধান্ত।

উত্তৰ প্ৰদেশ চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যি সকল চালকে গাড়ী চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিব তেওঁলোকক ১০,০০০ টকাৰ জৰিমনা বিহা হ’ব।

পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবেই চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰে।

উল্লেখ্য উত্তৰ প্ৰদেশত শেহতীয়াকৈ পথ দুৰ্ঘটনা পূৰ্বতকৈ অধিক হাৰত বৃদ্ধি পাইছে