NORTHEAST NOW (Assamese)
অসম

লকডাউনৰ ফলাফল পাবলৈ আৰম্ভ কৰিছে গুৱাহাটীয়ে : পিযুষ হাজৰিকা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা July 31, 2020 4:01 pm

‍‘লকডাউনৰ ফলাফল গুৱাহাটীয়ে পাবলৈ আৰম্ভ কৰিছে। পূৰ্বতকৈ কমিছে আক্ৰান্তৰ সংখ্যা। গাঁও অঞ্চলত ক’ভিডৰ সংখ্যা বাঢ়িছে’, লায়নছ ক্লাবৰ বান সাহায্য মুকলি কৰি এই মন্তব্য ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাৰ৷

সকলোকে সজাগ সচেতন হোৱাৰ আহ্বান জনাই হাজৰিকাই কয়, “সকলো মানুহ সাৱধান হ’ব লাগিব। কেন্দ্ৰ চৰকাৰৰ গাইডলাইনৰ কিছু সাল-সলনি হ’ব অসমত। অসম চৰকাৰে শীঘ্ৰেই নীতি নিৰ্দেশনা জাৰি কৰিব”৷

আনহাতে বানপিড়িত ৰাইজক সহায় কৰিবলৈ আগ বাঢ়িছে লায়নছ ক্লাৱ৷ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে বান সাহায্য অনুষ্ঠান মুকলি কৰি কয়, ‍‘লায়নছ ক্লাবৰ সকলো কৰ্মকৰ্তাৰ লগতে তেখেত সকলৰ মহানুভৱতাত ধন্যবাদ জনাইছো৷ অসমৰ ৰাইজৰ ওচৰত তেওঁলোক থাকিব’।

আমি প্ৰতিজন অসমীয়াই ইজনে সিজনক সহায় কৰিব লাগে উল্লেখ কৰি হাজৰিকাই কয়, ‍‘আক্ৰান্তৰ হাৰ কমিছে যদিও আমি ফুৰ্তি কৰিব নালাগে। এজনৰ পৰাই বহুজন আক্ৰান্ত হ’ব পাৰে৷ সকলোৱে সামজিক দূৰত্ব বজাই ৰখাৰ লগতে মাস্ক পৰিধান কৰি সচেতন হৈ থাকক”৷

ইপিনে লায়নছ ক্লাবে অসমৰ দুহাজাৰ পৰিয়ালক বান সাহায্য বিতৰণ কৰিব৷ লায়নছ ক্লাবৰ কৰ্মকতা সকলে গৈ ডিমৰীয়া, চন্দ্ৰপুৰ, ৰঙিয়া আদিত এই খাদ্য বস্তুৰ টোপোলা সমূহ যোগান ধৰিব৷

ক্লাবটোৱে বানাক্ৰান্ত ৰাইঝক চাউল, চিৰা, মুৰি, নিমখ আদিৰ যোগান ধৰিছে৷