NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত মানৱ শৃংখলৰ জড়িয়তে CAA ৰ বিৰুদ্ধে পুনৰ ৰাজপথত সংগ্ৰাম কৰাৰ হুংকাৰ আছুৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 31, 2020 4:18 pm

নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ বিৰুদ্ধাচাৰণ কৰি শিৱসাগৰত আজি আছুৱে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।

সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই শিৱসাগৰৰ মুক্তিনাথ চাৰিআলিত নাগৰিকত্ব সংলোধনী আইন ২০১৯ বাতিলৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰে।

মুক্তিনাথ চাৰিআলিস্থিত টেম্পল ৰ’ডৰ দুয়ো কাষে আছুৰ শতাধিক সদস্যই সামাজিক দূৰত্ব মানি বৰতাল বজাই চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

আছুৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়, ‍‘সদৌ অসম ছাত্ৰ সন্থাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল, তাৰ পিছত কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে। অসমীয়া ৰাইজে কা মনা নাছিল আৰু ভৱিষ্যতেও নামানে।

তেওঁ লগতে কয়, ‍‘যিহেতু এই আইনখনে অসমীয়া জাতি, সংস্কৃতি, কৃষ্টি, সভ্যতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব’।

বিজেপি চৰকাৰে যেতিয়ালৈকে এই আইন বাতিল নকৰে সদৌ অসম ছাত্ৰ সন্থাই অসমবাসীক লগত লৈ পুনৰ ৰাজপথলৈ কা বিৰোধী আন্দোলন ইয়াতকৈ অধিক তীব্ৰ ভাৱে গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে।

আনহাতে, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত শিৱসাগৰ সদৰৰ লগতে নাজিৰা, চৰাইদেউতো আছুৱে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।