NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাতংকৰ মাজতে ১ ছেপ্তেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান! : কি কি শ্ৰেণীৰ কেনেকৈ হ’ব পাঠদান?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 1, 2020 1:53 pm
aa28ab81-7d55-46b6-ab43-867fde76896a

১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয় মহাবিদ্যালয় খোলাৰ প্ৰাৰম্ভিক চিন্তা চৰ্চা কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে।

শনিবাৰে জনতা ভৱনত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে, এই ক্ষেত্ৰত চুড়ান্ত নিৰ্ণয় ভাৰত চৰকাৰে ল’ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰি লগতে কয়, ‘যিহেতু ৩১ আগষ্টলৈকেহে বিদ্যালয়-মহাবিদ্যালয় বন্ধ থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে কৈছে গতিকে ১ ছেপ্তেম্বৰৰ পৰা মানসিকভাৱে সাজু কৰাৰ চিন্তা চৰ্চা কৰা হৈছে।‘

ইপিনে, ৩০ আগষ্টৰ ভিতৰত ৰাজ্য চৰকাৰৰ অধীনত কাম কৰা শিক্ষক-শিক্ষয়িত্ৰী আৰু অধ্যাপক অধ্যাপিকা কৰ্মচাৰীয়ে বাধ্যতামূলকভাৱে কোভিড টেষ্ট কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয়।

তেওঁ লগতে কয় ‘প্ৰত্যেকগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ কোভিড ৰিজাল্ট ৱেবচাইটত উল্লেখ থাকিব।২৩ আগষ্টৰ পৰা ৩০ আগষ্টৰ ভিতৰত কোভিড টেষ্ট কৰিব লাগিব। তাৰ আগত কৰালে নহ’ব।‘

অৱশ্যে, ‘চতুৰ্থ শ্ৰেণীলৈকে বিদ্যালয়সমূহ খুলিব খোজা নাই’ বুলি উল্লেখ কৰি তেওঁ কয় ‘এক ছেপ্তেম্বৰৰ পৰা অনিৰ্দিষ্টকাললৈ চতুৰ্থ শ্ৰেণীলৈকে বন্ধ থাকিব।‘

ইপিনে, পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শ্ৰেণীকোঠাৰ ভিতৰত ক্লাছ নহয় বুলি জানিবলৈ দি তেওঁ লগতে কয় ‘কোনো খেলপথাৰ নাইবা মুকলি ঠাইত চাৰিটা স্থানত ভাগ কৰাই শ্ৰেণী অনুষ্ঠিত হ’ব। এটা সময়ত ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীকহে একেলগে শিক্ষাদান কৰিব পাৰিব।‘

মন্ত্ৰীগৰাকীৰ মতে ‘শ্ৰেণী কোঠাৰ ভিতৰত সোমোৱাৰ লগে লগে ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে। গুৰুকুলৰ দৰে মুকলি আকাশৰ তলত শিক্ষা প্ৰদান কৰা হ’ব। শিক্ষিত যুৱক যুৱতীয়ে স্বেচ্ছামূলকভাৱে শিক্ষা প্ৰদান কৰিব পাৰিব আৰু তাৰ অন্তত একোখনকৈ প্ৰমাণ পত্ৰ দিয়াৰো ব্যৱস্থা কৰা হৈছে। ব্যক্তিগত বিদ্যালয়েও এই ব্যৱস্থা কৰিব পাৰিব।‘

তদুপৰি, নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল সপ্তাহত দুদিন বিদ্যালয়লৈ আহিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘এটা শ্ৰেণীত কেৱল ১৫ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ কৰিব পাৰিব।‘

আনহাতে, দশম আৰু দ্বাদশ শ্ৰেণীৰ সপ্তাহত চাৰিদিন শ্ৰেণী হ’ব আৰু তেওঁলোকৰ ৩ ঘন্টাকৈ শ্ৰেণী হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ আৰু কয় ‘নৱম শ্ৰেণীয়ে আগবেলা শ্ৰেণী কৰিলে পাছবেলা একাদশ শ্ৰেণীয়ে কৰিব। ঠিক সেইদৰে দশম শ্ৰেণীৰ আগবেলা ক্লাছ হ’লে দ্বাদশ শ্ৰেণীৰ পাছবেলা ক্লাছ হ’ব। কোনো কাৰো সৈতে দেখা-দেখি যাতে নহয়।‘

ইয়াৰোপৰি, ষান্মসিক ব্যৱস্থাটোত চুড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহ অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘নিজ নিজ স্থানৰ কলেজসমূহত ছাত্ৰ-ছাত্ৰীসকলে ক্লাছ কৰিব পাৰিব। গুৱাহাটীত অধ্যয়নৰতঃ ছাত্ৰ-ছাত্ৰী যদি গাঁওৰ ঘৰলৈ গৈছে তেন্তে ওচৰৰ মহাবিদ্যালয়তে ক্লাছ কৰিব পাৰিব।‘

ৰাজ্য চৰকাৰৰ Ssa.assam.gov.in আৰু  sopschoolplanningassam.gmail.com এই ৱেবচাইট দুটাত এই নীতি নিৰ্দেশনা উপলব্ধ হ’ব বুলি তেওঁ জনায়।

ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন নাপালে বা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে যদি আপত্তি কৰে তেন্তে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত নলয় বুলি তেওঁ সংবাদমেলত সদৰী কৰে।