NORTHEAST NOW (Assamese)
Popular Stories

পুনৰ চীনৰ জীয়া ফাঁকি! : লাডাখৰ পাংগঙত এতিয়াও মোতায়েন হৈ আছে চীনা সৈন্য!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 1, 2020 7:06 pm
swarajya_2017-09_f5cfce3d-5afb-4f78-88cb-30905ae1e445_31fb8f67-3906-48de-942b-edb3b7eeeb5a

পুনৰ এবাৰ চীনৰ জীয়া ফাঁকি ধৰা পৰিছে উপগ্ৰহীয় চিত্ৰত।

উপগ্ৰহীয় চিত্ৰত দেখা গৈছে চীনে লাডাখৰ পাংগং হ্ৰদৰ ৮ ফিঙ্গাৰ পইণ্টত পৰ্যন্ত এতিয়াও সেনা মোতায়েন কৰি ৰাখিছে।

আমেৰিকাৰ মাক্সাৰ টেকন’লজিৰ উপগ্ৰহীয় চিত্ৰত চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মি(PLA)এ পাংগং হ্ৰদৰ সমীপৰ ৮ ফিঙ্গাৰ পইণ্টত অৱস্থান কৰি থকাৰ দৃশ্য ধৰা পৰিছে বুলি দাবী কৰিছে অৱসৰপ্ৰাপ্ত কৰ্ণেল বিনায়ক ভাটে।

ইফালে ভাৰতৰ নিজস্ব গুপ্তচৰ উপগ্ৰহ এমিচাটেও সেই একেই দৃশ্য প্ৰেৰণ কৰিছে।

ইয়াৰ লগতে পাংগঙৰ ৫ আৰু ৬ নম্বৰ ফিঙ্গাৰ পইণ্টতো চীনে সেনাৰ মোতায়েন বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।

২৯ জুলাইত প্ৰেৰণ কৰাৰ দৃশ্যত ৬ নম্বৰ পৰা ৫ নং ফিঙ্গাৰলৈ ১৩ টা নৌ বাহৰো পাতিছে।

ইফালে চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱান ৱেনবিনে লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা চীনে সেনা প্ৰত্যাহাৰ কৰা বুলি দাবী কৰি কৰিছে।

চীনৰ দাবী যে পাংগং, দোপচাং আদিৰ য’ত য’ত চীনা সৈন্য মোতায়েন কৰিছে সেয়াই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা।

অৰ্থাৎ চীনে অংকন কৰা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাই ভাৰতৰ ভূখণ্ডৰ যথেষ্ট ভিতৰলৈ সোমাই আহিছে।

সেয়ে চীনে পাংগং হ্ৰদৰ ৮ৰ পৰা ৫ নং ফিঙ্গাৰ পইণ্টলৈকে নিজৰ সেনা মোতায়েন কৰি ৰাখিছে বুলি দাবী কৰিছে।

ভাৰতে ইয়াৰ বিৰোধ কৰি আহিলেও চীনে সেয়া মানিবলৈ ৰাজি নহয়।