NORTHEAST NOW (Assamese)
অসম

১৫ আগষ্টলৈকে সপ্তাহটোৰ দুটা বিশেষ দিনত কৰিব পাৰিব আন্তঃজিলা ভ্ৰমণ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 1, 2020 7:23 pm
89db1-tsr2bwatermark2b-2b3402

১৫ আগষ্টলৈকে সপ্তাহটোৰ দুটা বিশেষ দিনত কৰিব পাৰিব আন্তঃজিলা ভ্ৰমণ।

সপ্তাহৰ সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা ভ্ৰমণ কৰিব পাৰিব বুলি জনালে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

এই দুটা দিনত যিকোনো জিলাৰ পৰা অন্য এখন জিলালৈ অৰ্থ্যাৎ গুৱাহাটীলৈয়ো আহিব পাৰিব অন্য জিলাৰ পৰা লোক।

সংবাদমেলত এই কথা ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

গুৱাহাটীত ৰাস্তাৰ এটা দিশত এদিনত দোকান খুলিব পাৰিব।

যদি জিম, চেলুন অথবা শ্বপিং মলো সেই দিশত পৰে তেন্তে খুলিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয়।

প্ৰতি সপ্তাহৰ শনিবাৰ আৰু ৰবিবাৰে কাৰ্ফিউ থাকিব বুলি তেওঁ জনোৱাৰ লগতে প্ৰত্যেক দিনাই সন্ধ্যা ৬ বজাৰ পৰা পাছদিনা পুৱা ৬ বজালৈকে নৈশ কাৰফিউ থাকিব বুলিও কয়।

ইয়াৰোপৰি প্ৰত্যেক কাৰ্য্যালয়তে বিষয়া-কৰ্মচাৰীৰ ১০০ শতাংশই উপস্থিত থাকিব লাগিব বুলি তেওঁ সংবাদমেলত জনায়।