NORTHEAST NOW (Assamese)
অসম

বিটিআৰ নিৰ্বাচনৰ বাবে ১৬জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ ইউপিপিএলৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 31, 2025 8:30 pm
বিটিআৰ নিৰ্বাচনৰ বাবে ১৬জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ ইউপিপিএলৰ

বড়োলেণ্ড আঞ্চলিক পৰিষদ (বিটিচি) নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় ইউপিপিএল (UPPL) দলটোৱে দেওবাৰে ঘোষণা কৰিছে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। এইবাৰ ১৬ জনীয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে।

বিটিচি প্রধান প্ৰমোদ বড়োক গইবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে টিকেট প্ৰদান কৰিছে দলটোৱে। লগতে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীক ভৈৰৱকুণ্ডৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। চিৰাং দুৱাৰত ৰঞ্জিত বসুমতাৰী আৰু খাম্পা বৰ্গায়াৰী দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব।

বাকী প্ৰাৰ্থীসকলৰ তালিকা ক্ৰমে পৰ্বতঝোৰা – প্ৰসেন ব্ৰহ্ম, গুমা – মুৰ্চিদা বেগম, কচুগাঁও – উকিল মুছাহাৰী, ঠৰিবাৰী – ৰঞ্জু আহমেদ, মথনগুৰি – মাখান স্বৰ্গীয়াৰীশালবাৰী – জয় মুছাহাৰী, দিহিৰা – ভূপেন বড়ো, গোৰেশ্বৰ – বিপুল কুমাৰ বসুমতাৰী, খৈৰাবাৰী – ধৰণী বড়ো,  ভেৰগাঁও – দাওবাইছা বড়ো, ননৈ ছেৰফাং – মাৰিয়াম টপ্পো, খলিং দুৱাৰ – ৰবীন্দ্ৰ বড়ো।

 উল্লেখ্য যে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ২২ ছেপ্টেম্বৰত ভোটগ্ৰহণ হ’ব, প্ৰয়োজন হ’লে পুনৰ ভোটগ্ৰহণ হ’ব ২৪ ছেপ্টেম্বৰত, আৰু ২৬ ছেপ্টেম্বৰ ভোটগণনা আৰু ফলাফল ঘোষণা হ’ব, ভোটগ্ৰহণৰ সময় পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। মুঠ ভোটাৰ: ২৬,৫৭,৯২৭ গৰাকী (পুৰুষ – ১৩,২৩,৩৯৯, মহিলা – ১৩,৩৪,৫২১, অন্যান্য – ১৭), মুঠ ভোটকেন্দ্ৰ: ৩৩৫৯ টা,মুঠ আসন: ৪০ খন (৩০ খন সংৰক্ষিত জনজাতি, ৫ খন সংৰক্ষিত অ-জনজাতি, ৫ খন মুক্ত)