NORTHEAST NOW (Assamese)
অসম

কথা পাহৰা বিজেপিৰ গৃহমন্ত্ৰী অমিত শ্বাহক ৰিপুন বৰাই সোঁৱৰাই দিলে হিমন্ত বিশ্বৰ অতীত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 31, 2025 9:26 pm

বিজেপি দলটো এটা কথা পাহৰা দল। বিজেপি দলটো হৈছে ভুলকো শুদ্ধ বুলি দাবী কৰা এটা মিথ্যাচাৰী দল। অসমলৈ আহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা কেতবোৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি দলক এইদৰে ওভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাই।

অসমত বিজেপি চৰকাৰে দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় নিদিয়ে বুলি অমিত শ্বাহে কৰা মন্তব্যক হাস্যকৰ আখ্যা দিয়ে বৰাই। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিকা নেতা আখ্যা দিয়া কথাটোতো আশ্বৰ্য প্ৰকাশ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে শ্বাহক অতীতৰ কথা সোঁৱৰাই দিয়ে। লখিমপুৰত আয়োজিত এক সংবাদমেলত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে যি বিজেপি দলে ২০১৪ চনত কেন্দ্ৰত শাসনলৈ আহিয়েই সংসদীয় সমিতিৰ বৈঠকত ভাৰতৰ ভিতৰত আটাইতকৈ যদি দুৰ্নীতিগ্ৰস্ত কোনো মন্ত্ৰী আছে সেইজন অসমৰ তৰুণ গগৈ মন্ত্ৰীসভাৰ কংগ্ৰেছৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বুলি অনৰেকৰ্ড ঘোষণা কৰিছিল সেইটো দলৰ তেতিয়াৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে এতিয়া হিমন্ত বিশ্ব শৰ্মাক সততাৰ চাৰ্টিফিকেট দিলে কোনেও বিশ্বাস নকৰে।

তেওঁ কটাক্ষ কৰি আৰু কয়, ”২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় নেতাসকলে অসমলৈ আহি কৈছিল যে বিজেপি শাসনলৈ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ ফাইল খোল খাব আৰু জেললৈ পঠিওৱা হব। হিমন্ত বিশ্ব শৰ্মাক সাৰদা কেলেংকাৰি, লুইজ বাৰ্জাৰ কেলেংকাৰি, ডিমা হাছাওৰ ১০০০ কোটি টকীয়া কেলেংকাৰিত জড়িত বুলিও তেতিয়া বিজেপিয়ে কৈ আহিছিল। কলকাতাৰ চিবিআইৰ কাৰ্যালয়ৈকো তলৱ কৰা হৈছিল। কিন্তু বিজেপিত যোগ দিয়াৰ লগে লগে সকলো দুৰ্নীতি নাইকিয়া হৈ নিকা হৈ পৰিল।’’

বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই হিমন্ত বিশ্ব শৰ্মা চাফা হল নেকি বুলিও সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন কৰে ৰিপুন বৰাই। বৰাই কয় যে বিজেপি চৰকাৰৰ যোৱা ১০ বছৰীয়া শানকালত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে কয়লা, ছুপাৰি, কণীকে আদি কৰি সকলোতে ছিণ্ডিকেটৰাজ গঢ় লৈ উঠিছে। যোৱা ১০ বছৰত সমগ্ৰ অসমতে শদিয়াৰ পৰা ধুুবুৰীলৈ নামে-বেনামে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে হাজাৰ হাজাৰ বিঘা মাটি ক্ৰয় কৰাৰ লগতে ৰিজৰ্ট, হোটেল, চাহ বাগিচা আদি ক্ৰয় তথা স্থাপন কৰি অহাৰ লগতে গোৱা, মুম্বাই, কেৰালা আদিতো অগাধ সম্পত্তি ক্ৰয় কৰিছে বুলিও কয় বৰাই। বৰাই কয়, ”অসমৰ শিশু এটিয়েও অসমৰ আটাইতকৈ দুৰ্নীতিপৰায়ণ নেতা কোন বুলি সুধিলে হিমন্ত বিশ্ব শৰ্মাৰ নামটোৱেই কয়। তেনে এগৰাকী দুৰ্নীতিৰ সম্ৰাটক অমিত শ্বাহে নিকা নেতা আখ্যা দিয়াৰ দৰে কৌতুক আজিৰ তাৰিখত আন একো হব নোৱাৰে।’’

হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পূৰ্বে বছৰি ১ লাখ চৰকাৰী চাকৰি দিব বুলি দিয়া প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি বৰাই কয় যে এতিয়া হিমন্ত বিশ্বৰ কাৰ্যকাল শেষ হোৱাৰ সময় মাত্ৰ ৯৪ হাজাৰ লোকেহে চৰকাৰী চাকৰি পাইছে। এই চাকৰিসমূহো কোনো নতুন চাকৰি নহয় আৰু চাকৰিয়ালে অৱসৰ লোৱাৰ পিছত খালী হৈ থকা পদতহে নিযুক্তি দিছে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। এনে পৰিপ্ৰেক্ষিতত নিযুক্তিৰে চমক দিয়া বুলি কৈ অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰা কাৰ্যকো হাস্যকৰ আৰু বিড়ম্বনা বুলি কয় ৰিপুন বৰাই।

”বৰ্তমান অসমত ৩৮ লাখ নিবনুৱা আছে। এই তথ্য আমাৰ নহয়, এয়া চৰকাৰৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ তথ্য। ইয়াৰ পিছতো নিযুক্তিৰে চমক সৃষ্টি কৰা বুলি কৈ অমিত শ্বাহে হিমন্ত বিশ্বক অভিনন্দন জনোৱাত আমাৰ পুতৌ জন্মিছে। চৰকাৰ গঠন হোৱাৰ আগলৈকে ৩১ লাখ নিবনুৱা আছিল আৰু চৰকাৰ গঠন হোৱাৰ পিছত সেয়া ৩৮ লাখলৈ বৃদ্ধিহে পালে।’’– কিহৰ ভিত্তিত লাখ লাখ অসমৰ নিবনুৱাৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়া এজন মুখ্যমন্ত্ৰীক নিযুক্তিৰে চমক সৃষ্টি কৰা বুলি অভিনন্দন জনালে বুলি প্ৰশ্ন কৰি এইদৰে কয় বৰাই।

একেদৰে বিনিয়োগৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীক কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সবিশেষ নজনাকৈয়ে শলাগ লোৱা বুলি অভিযোগ কৰে। তেওঁ কয় যে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ত ১০০ খন চুক্তি স্বাক্ষৰিত হৈছিল যদিও সেই ১০০খনৰ এখনো কাৰ্যকৰী নহল আৰু আশা কৰা হোৱা ১ লাখ কোটি বিনিয়োগৰ ১ টকাও অসমত বিনিয়োগ নহল। আনহাতে, হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হোৱাৰ সময়ত স্বাক্ষৰিত হোৱা ৮ লাখ কোটিৰ বিনিয়োগৰ চুক্তিৰ নামত খিলঞ্জীয়াৰ মাটি কেৱল মাত্ৰ ৩ জন পুঁজিপতিক গতাই দিয়াৰ পৰিকল্পনাহে চলিছে বুলিও কয় ৰিপুন বৰাই। আদানি, আম্বানি, ৰামদেৱৰ বাদে কোনো পুঁজিপতিয়ে অসমত বিনিয়োগ কৰা নাই বুলিও অভিযোগ কৰে বৰাই। উচ্ছেদ সন্দৰ্ভত অমিত শ্বাহে মুখ্যমন্ত্ৰীক কৰা প্ৰশংসাকো আভুৱা ভৰা বুলি কয় বৰাই। ডিমা হাছাও, মিকিৰ বামুণীগাঁও, লাইকা-দধিয়া, ছয়গাঁৱৰ ৰামপুৰ, পলাশবাৰী বৰদুৱাৰ আদি অঞ্চলৰ সবিশেষ তথ্য দাঙি ধৰি তেওঁ কয় যে সোণোৱালৰ দিনৰ পৰা হিমন্ত বিশ্বৰ দিনলৈকে অসমত ৫৫ হাজাৰ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে আৰু ইয়াৰে ৪৯ হাজাৰ বিঘা মাটিয়েই হৈছে খিলঞ্জীয়াৰ। খিলঞ্জীয়াক উচ্ছেদ কৰা মুখ্যমন্ত্ৰীক অমিত শ্বাহে অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰা বুলি প্ৰশংসা কৰাতো দুৰ্ভাগ্যজনক বুলিও অভিহিত কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

 খিলঞ্জীয়া মানুহৰ মাটি উচ্ছেদ কৰি আদানি, আম্বানিক গতাই দি বিজেপিয়ে জাতি, মাটি, ভেটি ৰক্ষা কৰিছে নেকি বুলিও প্ৰশ্ন কৰে বৰাই। বৰাই আৰু কয় যে, মাত্ৰ ৬ হাজাৰ বিঘা মাটিৰ পৰাহে ধৰ্মীয় সংখ্যালঘু লোকক উচ্ছেদ কৰা হৈছে। ”যদিহে এই ৬ হাজাৰ বিঘা মাটিত থকা ধৰ্মীয় সংখ্যালঘু লোকসকল বাংলাদেশী হয় তেন্তে কিয় দেশৰ পৰা বাহিৰ কৰি দিয়া হোৱা নাই? কিয় আজিলৈকে চৰকাৰে শ্বেত পত্ৰ প্ৰকাশ কৰিবলৈ সাহস কৰা নাই।’’– অমিত শ্বাহক প্ৰত্যাহ্বান জনাই এইদৰে প্ৰশ্ন কৰে বৰাই। ৪২ লাখ মহিলাক অৰুণোদয় আঁচনিক লৈ অমিত শ্বাহে গৰ্ব কৰাক লৈয়ো আশ্বৰ্য প্ৰকাশ কৰে। বৰাই কয় যে ধাৰ লোৱা টকাৰে অৰুণোদয় দিয়াৰ পিছতো গৃহমন্ত্ৰীগৰাকীয়ে গৰ্ব কৰা কাৰ্য অতি দুৰ্ভাগ্যজনক।

 ”অসমত আজি এটি শিশুৱে ৫০ হাজাৰ টকাৰ ঋণৰ বোজা লৈ জন্ম হবলগীয়া হৈছে। চৰকাৰে প্ৰতি মাহে ধাৰ লৈ লৈ ভোট বেংকৰ নামত অৰুণোদয় দিছে। অৰুণোদয় দি অসমৰ অৰ্থনীতিৰ কামিহাড় ভাঙি দিছে। ঋণ নহলে আজি অসমখন এক মিনিট চলিব নোৱৰা কৰি দিছে। অসমৰ অৰ্থনীতিক শেষ কৰি দিয়া অৰুণোদয়ক লৈ অমিত শ্বাহে গৰ্ব কৰাতো পৰিতাপৰ কথা।’’– বৰাই কয়। কংগ্ৰেছ অনুপ্ৰৱেশকাৰীৰ প্ৰিয় বুলি কালি অমিত শ্বাহে কৰা মন্তব্যকো ওভতি দৰে ৰিপুন বৰাই। তেওঁ কয়, ”অনুপ্ৰৱেশকাৰীক আপুনি আনিছে নে আমি আনিছো? আমি কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক বন্ধ কৰিবৰ কাৰণে অসম চুক্তি কৰিছো। সেই চুক্তি কোনে ভংগ কৰিলে? কা আইন কোনে আনিলে? ২০১৪ চনলৈ অসমত প্ৰৱেশ কৰা ঘুছপেঠিয়াক কোনে নাগৰিকত্ব দিলে? আপোনালোকে কৰিলে, আমি কৰা নাই।’’ অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষা কবচ অসম চুক্তিৰ ৬নং দফাৰ কথা, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ কথা কালি কিয় এবাৰলৈকো নকলে বুলিও সংবাদমেলত প্ৰশ্ন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ দাড়ি-কমা পৰ্যন্ত ৰূপায়ণ কৰিম বুলি সংসদত ভাষণ দিয়াৰ পিছত আজিলৈকে কিয় একো কৰা নহল বুলিও অমিত শ্বাহক ওভতি ধৰে ৰিপুন বৰাই।

বিজেপি চৰকাৰে ‘কা আইন প্ৰযোজ্য কৰি অসম চুক্তিখন একপ্ৰকাৰ ডাষ্টবিনলৈ নিক্ষেপ কৰি অসমীয়া জাতিৰ ব্ৰহ্মতালুত খোঁট মাৰিলে বুলিও অভিযোগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কোৱা অমিত শ্বাহে কালি কিয় সেই কথা এবাৰলৈকো উচ্চাৰণ কৰিব নোৱাৰিলে বুলিও বৰাই প্ৰশ্ন কৰে। বৰাই আৰু কয় যে যদিহে এইবাৰো অসমৰ ৰাইজে বিজেপিৰ এনেবোৰ ছলাহী কথাত ভোল যায় তেন্তে অসমীয়া ৰাইজৰ অনাগত দিনত হেৰুৱাবলৈকো একো নাইকিয়া হৈ পৰিব।