NORTHEAST NOW (Assamese)
অসম

UAE যোৱাৰ পূৰ্বে এবাৰ দুবাৰ নহয় পাঁচবাৰ ক’ৰ’না টেষ্ট কৰা হ’ব এই দলটোৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 4, 2020 2:28 pm

ক’ৰ’না ভাইৰাছৰ বাবে স্থগিত হৈ থকা আই পি এল এতিয়া ১৯ ছেপ্তেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে য়ুনাইটেড আৰৱ এমিৰেটছ চমুকৈ য়ুএইত অনুষ্ঠিত হ’ব।

এইবাৰ আই পি এলৰ দল সমূহে বিভিন্ন নিয়ম পালন কৰিব লাগিব।

য়ু এ ই যোৱাৰ পূৰ্বে মু্ম্বাই ইণ্ডিয়ানছৰ খেলুৱৈসকলে পাঁচবাৰ ক’ৰ’না টেষ্ট কৰিব লাগিব বুলি জানিব পৰা গৈছে।

মুম্বাই ইণ্ডিয়ানছৰ এজন বিষয়াই কয় যে ঘৰুৱা ক্ৰিকেটাৰসকল ইতিমধ্যে আহিছে আৰু তেওঁলোকক ১৪ দিনৰ কোৱাৰেণ্টাইনত পঠোৱা হৈছে।

বিষয়াগৰাকীয়ে লগতে কয় যে এবাৰ টেষ্ট হোৱাৰ পিছতহে তেওঁলোকক কোঠাৰ পৰা বাহিৰলৈ ওলোৱাৰ অনুমতি দিয়া হ’ব। কোৱাৰেণ্টাইনৰ সময় উকলিলেহে অনুশীলন আৰম্ভ হ’ব।

ক’ৰ’না টেষ্ট সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে য়ু এ ই যোৱাৰ পূৰ্বে খেলুৱৈসকলৰ পাঁচবাৰ টেষ্ট কৰা হ’ব।

বিষয়াগৰাকীয়ে লগতে কয় যে মুম্বাই অহাৰ পূৰ্বে নিজৰ নিজৰ ঘৰুৱা চহৰত দুবাৰ আৰু মুম্বাইত ৩ বাৰ টেষ্ট কৰোৱা হ’ব।