NORTHEAST NOW (Assamese)
Popular Stories

কাইলৈ ৰাম মন্দিৰৰ ভূমিপূজন : অসমৰ পৰা কোন কোন যাব অযোধ্যালৈ ?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 4, 2020 3:54 pm
index.jpg00

কাইলৈ অৰ্থাৎ ৫ আগষ্ট দেশবাসীৰ বাবে এটা ঐতিহাসিক দিন। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত কাইলৈ ভূমিপূজনৰে আৰম্ভ হ’ব ৰাম মন্দিৰ নিৰ্মাণৰ কাম।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও এই ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ।

দেশৰ সকলো ৰাজ্যৰে মুখ্য মন্ত্ৰীকে এই ভূমিপূজন অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে।

অৱশ্যে, ক’ৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেৱল ২০০ গৰাকী লোকৰ উপস্থিতিতহে এই ভূমি পুজন অনুষ্ঠান সম্পন্ন কৰা হ’ব। ইয়াৰে ১৫০ গৰাকী আমন্ত্ৰিত অতিথি।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে, অসমৰ পৰা এই ভূমিপূজন অনুষ্ঠানত কোনে কোনে অংশগ্ৰহণ কৰিব?

এই সম্পৰ্কত বিজেপিৰ এক উচ্চস্তৰীয় সূত্ৰই আমাৰ সাংবাদিকক জনোৱা অনুসৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য আৰু বিত্ত বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস উপস্থিত থকাৰ পূৰ্ণ সম্ভাৱনা  আছে।

আজি সন্ধ্যা ভাগতে তিনিও অযোধ্যালৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে।

আনহাতে এই ঐতিহাসিক দিনটোত দেশজুৰি বিজেপিৰ কাৰ্য্যকৰ্তাসকলে আনন্দ উল্লাস কৰিব বুলি জানিব পৰা গৈছে।

অসমতো প্ৰায় ৪২ লাখ বিজেপিৰ কাৰ্য্যকৰ্তাই ঘৰে ঘৰে চাকি-বন্তি জ্বলাই এই ঐতিহাসিক দিনটো উদযাপন কৰিব বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

ইয়াৰোপৰি, বিজেপিৰ ভাতৃ-ভগ্নী সংগঠনসমূহে উৎসাহ-উদ্দীপনাৰে কাৰ্য্যসূচী অনুষ্ঠিত কৰিব বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ পূৰ্বে প্ৰধান মন্ত্ৰী মোদীয়ে ভগৱান ৰাম আৰু হনুমানলৈ পূজা আগবঢ়াব। ভগৱান গণেশলৈ বিশেষ পূজাৰে ভূমি পূজন আৰম্ভ হ’ব।

প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰাৰ সময় হিন্দু কেলেণ্ডাৰ অনুসৰি নিৰ্ধাৰণ কৰা হৈছে আৰু ৫ আগষ্টৰ আটাইতকৈ পৱিত্ৰ ক্ষণ দুপৰীয়া ১২.১৫ বজাক ইয়াৰ বাবে বাচনি কৰা হৈছে।