NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

বিমানত নাবালিকাৰ সমুখত হস্তমৈথুন! গ্ৰেপ্তাৰ ভাৰতীয় মূলৰ মাৰ্কিন চিকিৎসক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 12, 2023 8:18 pm
Doctor Arrested For Masturbating On Flight

এক ঘৃণনীয় কাৰ্যৰ বাবে গ্ৰেপ্তাৰ হৈছে ভাৰতীয় মূলৰ এগৰাকী মাৰ্কিন চিকিৎসক। বিমানত এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ সমুখত হস্তমৈথুন কৰাৰ অভিযোগত ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন, চমুকৈ এফ বি আয়ে গ্ৰেপ্তাৰ কৰিছে চিকিৎসকগৰাকীক।

প্ৰকাশিত খবৰ অনুসৰি, যোৱা বৰ্ষৰ মে’ মাহত সংঘটিত হৈছিল এই কাণ্ড। হ’ন’লুলুৰ পৰা বষ্টনলৈ যাত্ৰাৰত এখন বিমানত ডাঃ সুদীপ্ত মহান্তী নামৰ চিকিৎসকগৰাকীয়ে এই লজ্জাজনক কাণ্ডত লিপ্ত হৈছিল।

বৃহস্পতিবাৰে এফ বি আয়ে মেছাচুচেটছৰ পৰা বষ্টনৰ বেথ ইজৰাইল ডিকনেছ মেডিকেল চেণ্টাৰৰ চিকিৎসক ডাঃ সুদীপ্ত মহান্তীক গ্ৰেপ্তাৰ কৰি প্ৰাসংগিক ধাৰাৰ অধীনত অভিযুক্ত কৰে।

প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ঘটনাৰ দিনা ডাঃ মহান্তীয়ে এগৰাকী মহিলা সংগীৰ সৈতে যাত্ৰা কৰিছিলল। তেওঁলোকৰ কাষতে বহিছিল ককাক-আইতাকৰ সৈতে যাত্ৰা কৰা ১৪ বছৰীয়া কিশোৰীগৰাকী।

বিমানখমে প্ৰায় আধা পথ অতিক্ৰম কৰাৰ সময়তে কিশোৰীগৰাকীয়ে লক্ষ্য কৰে যে তেওঁৰ কাষৰ আসনত থকা মহান্তীয়ে ডিঙিলৈকে কম্বল এখনেৰে ঢাকি ৰাখিছে আৰু ভৰিখন ওপৰ-তল কৰি উঠা-নমা কৰি আছে।

কিছু সময়ৰ পিছতে কিশোৰীগৰাকীয়ে লক্ষ্য কৰে যে মহান্তীয়ে গাত লৈ থকা কম্বলখন তলত পৰি আছে আৰু উন্মুক্ত অৱস্থাত মহান্তীয়ে হস্তমৈথুন কৰি আছে। বষ্টনত অৱতৰণ কৰাৰ পিছত কিশোৰীগৰাকীয়ে পৰিয়ালক এই বিষয়ে অৱগত কৰে আৰু কৰ্তৃপক্ষক অৱগত কৰা হয়।

বৃহস্পতিবাৰে ফেডাৰেল আদালতত হাজিৰ হোৱা ডাঃ মহান্তীৰ বিৰুদ্ধে বিমানত থকা কিশোৰীৰ সন্মুখত অশ্লীল কাম কৰাৰ অভিযোগ উত্থাপন কৰা হয়। এই অভিযোগত ৯০ দিন পৰ্যন্ত কাৰাদণ্ড, এবছৰ পৰ্যন্ত নিৰীক্ষণত মুক্তি আৰু ৫ হাজাৰ ডলাৰ পৰ্যন্ত জৰিমনা বিহা হয়।