NORTHEAST NOW (Assamese)
অসম

মৃত্যুৰ পূৰ্বে অক্সিজেন বিচাৰি হাহাকাৰ : শিলচৰ মেডিকেল কলেজত মৃত্যুক আঁকোৱালি ল’লে যুৱকে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 4, 2020 6:08 pm

পুনৰ শিলচৰ মেডিকেল কলেজত অক্সিজেন আৰু চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে।

যুৱকজনৰ নাম মাছুক আহমেদ(২১) আৰু ঘৰ কাছাৰৰ বালিঘাটত বুলি জানিব পৰা গৈছে।

মৃত যুৱকজনৰ উশাহ নিশাহ লোৱাত অসুবিধা হোৱাত অক্সিজেন যোগান ধৰিবলৈ চিকিৎসকক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো যোগান নধৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

অৱশ্যে, মৃত যুৱকজনৰ মাতৃয়ে হাতে ভৰিয়ে ধৰি ধৰাত তেওঁক অক্সিজেনৰ যোগান ধৰে যদিও চিকিৎসাৰ অভাৱত মৃত্যুক আকোৱালি লোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

‘ৰবিবাৰে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। জীয়াই থাকোতে মাছুকে নিজে চিকিৎসকক বাৰেপতি অনুৰোধ কৰিছিল মোক অক্সিজেন লগাই দিয়ক, মই উশাহ লোৱাত বৰ কষ্ট পাইছো। কিন্তু তেওঁলোকে অক্সিজেনৰ যোগান নধৰিলে। তাৰ পিছত মই হাত জোৰ কৰি চিকিৎসকক অক্সিজেন লগাবলৈ অনুৰোধ জনাইছিলো। শেষত অক্সিজেন মাস্ক লগালে যদিও তেওঁক বচাব নোৱাৰিলে। আমি বাৰেপতি চিকিৎসকক ৰোগীজনক চিকিৎসা কৰিবলৈ অনুৰোধ জনাইছিলো যদিও কোনো চিকিৎসা নকৰিলে। প্ৰথম টেষ্টৰ ৰিপৰ্ট নিগেটিভ আহিছিল আৰু  মৃত্যুৰ পূৰ্বে অহা টেষ্টটোও নিগেটিভ আহিছিল।‘ এইদৰে কয় মৃত যুৱকজনৰ পৰিয়ালৰ এগৰাকী লোকে।

যুৱকজনৰ মাতৃ আৰু পৰিয়ালৰ লোকে এক ভিডিঅযোগে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ।

যকৃতৰ ৰোগত আক্ৰান্ত হোৱা মাছুকক শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল যদিও কোভিডৰ ৰিজাল্ট নহাৰ বাবে চিকিৎসা আৰম্ভ নকৰে চিকিৎসকে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মাছুকৰ পৰিয়ালৰ লোকে।

ইতিমধ্যে, ছচিয়েল মেডিয়াত ভাইৰেল হৈছে ভিডিওটো।

তাৰ পাছতে আমি শিলচৰ মেডিকেল কলেজ কতৃপক্ষৰ সৈতে ফোনযোগে যোগাযোগৰ চেষ্টা কৰিছিলো যদিও কোনো উত্তৰ পোৱা নগ’ল।