NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত সুৰ বাহিনীৰ জৰিয়তে জনসাধাৰণৰ মাজত আইনী সজাগতা সৃষ্টিৰ প্ৰয়াস

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও November 13, 2021 4:19 pm

বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জনসাধাৰণৰ মাজত আইনী সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক সুৰ বাহিনী উলিওৱা হয় ৷

বঙাইগাঁও জিলা ন্যায়িক আদালত আৰু কাৰ্যালয় চৌহদৰ পৰা উলিওৱা এই সুৰ বাহিনীৰ জৰিয়তে জিলা আইন সেৱা প্ৰাধিকৰণে জনসাধাৰণক কি কি আইনী সেৱা আগবঢ়ায় সেই সন্দৰ্ভত অৱগত কৰে ৷

সুৰ বাহিনীয়ে গীতৰ জৰিয়তে জনসাধাণক এই সেৱাসমূহৰ বিষয়ে সজাগ কৰে৷ লগতে ঠায়ে ঠায়ে জনসাধাৰণৰ মাজত গোহাৰি পত্ৰও বিতৰণ কৰে ৷ গোহাৰি পত্ৰত জিলা আইন সেৱা প্ৰাধিকৰণে আগবঢ়োৱা বিনামূলীয়া আইনী সেৱাসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে ৷

উল্লেখ্য যে যোৱা দুই অক্টোৱৰৰ পৰা জিলা আইন সেৱা প্ৰাধিকৰণে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত আগবঢ়াই অহা বিভিন্ন আইনী সেৱাসমূহৰ বিষয়ে লগতে আইনৰ বিভিন্ন দিশ সম্পৰ্কত ১৪ নৱেম্বৰলৈ বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে ৷

এই সুৰ বাহিনী আদালত চৌহদৰ পৰা বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওলৈ উলিওৱা হয় ৷ এই কাৰ্যসূচীত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব তৰুণ দে , প্ৰাধিকৰণৰ সৈতে জড়িত অন্যান্যসকলৰ লগতে অৰ্ধ আইনী স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে ৷