NORTHEAST NOW (Assamese)
Popular Stories

ভয়াৱহ বানপানী আৰু ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুৱালে ৪৬ জনকৈ লোকে, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 4, 2021 7:25 pm

ইণ্ডোনেচিয়াৰ পূব প্ৰান্তৰ প্ৰলয়ংকৰী বানপানীত ডুবিছে।

বানপানীৰ উপৰিও ভূমিস্খলনো সংঘটিত হৈছে।

দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন আয়োগে কয় যে, দেওবাৰে পুৱালৈকে বানপানী-ভূমিস্খলনৰ ফলত কমেও ৪৪জন লোকে প্ৰাণ হেৰুৱাইছে।

মৃত্যুৰ সংখ্যা ইয়াতকৈও বৃদ্ধি হ’ব বুলি তেওঁলোকে আশংকা প্ৰকাশ কৰিছে।

তদুপৰি, ৯ জন লোক আঘাতপ্ৰাপ্ত হোৱা বুলিও বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে।

ইন্দোনেছিয়াৰ পূব প্ৰান্তৰৰ ফ্লোৰছ দ্বীপত এই বানপানী-ভূমিস্খলন হৈছে।

খ্ৰীষ্টানধৰ্মী লোকেৰে ভৰি থকা দ্বীপটোত ইষ্টাৰ (Easter) উৎসৱৰ প্ৰাকক্ষণত হোৱা মূষলধাৰ বৰষুণৰ ফলতে এই বানপানী হৈছে।

বানপানী-ভূমিস্খলনৰ ফলত দ্বীপটোৰ ৰাস্তা-দলংসমূহ ধ্বংস হৈছে।

তদুপৰি আবাসীসকলৰ বাসগৃহসমূহত বোকা সোমাইছে।

উদ্ধাৰকাৰী বাহিনীয়ে অতি কঠিন পৰিস্থিতিৰ সম্মুখীন হৈও উদ্ধাৰকাৰ্য চলাই থকা বুলি বিভাগীয় কৰ্তৃপক্ষই জনাইছে।

আনহাতে, ফ্ল’ৰছ দ্বীপৰ কাষৰীয়া এখন ৰাজ্যতো বানপানীত ২জনকৈ লোকৰ মৃত্যু হৈছে।

পশ্চিম নুছা টেংগ্গাৰা নামৰ ৰাজ্যখনৰ বিমা চহৰখনত ৯ঘণ্টাজুৰি হোৱা মূষলধাৰ বৰষুণৰ ফলত ১০ হেজাৰ ঘৰ পানীত ডুবা বুলি দুৰ্যোগ প্ৰশমন বিভাগে জনাইছে।

উল্লেখযোগ্য যে বিধ্বংসী ভূমিস্খলন আৰু বানপানী ইন্দোনেছিয়াৰ বাবে বৰ্ষাকালীন ঋতুসমূহত নতুন নহয়।

চলিত বৰ্ষৰ জানুৱাৰীত, বানপানীত পতিত হৈ দেশখনৰ পশ্চিম জাভা প্ৰদেশৰ সুমেডাং নামৰ চহৰখনত ৪০জন লোকৰ মৃত্যু হৈছিল।

তদুপৰি, দেশখনৰ বৰ্ণিঅ’ত যোৱা ছেপ্টেম্বৰ মাহত ভূমিস্খলন ঘটি কমেও ১১জন লোকৰ প্ৰাণহানি ঘটিছিল।