NORTHEAST NOW (Assamese)
অসম

সুশান্তৰ ঘৰ এৰি যোৱাৰ দিনাই ৰিয়াই ধ্বংস কৰিছিল ৮টা হাৰ্ড ড্ৰাইভ; ঘনীভূত হৈ পৰিছে ৰহস্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2020 3:46 pm
Sushant-Rhea-2020-1

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত কৰি থকা চিবিআইৰ জেৰাত মুখ খুলিছে সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পিঠানিয়ে।

চিবিআইৰ মাৰাথান জেৰাৰ সন্মুখীন হৈছে সিদ্ধাৰ্থ পিঠানিৰ লগতে ১৪জুনৰ সেই অভিশপ্ত দিনটোৰ দিনৰ ভাগত সুশান্তৰ বান্দ্ৰাৰ ফ্লেটটোত উপস্থিত থকা তেওঁৰ কৰ্মচাৰীসকল।

সুশান্তৰ মৃত্যুৰ ছয়দিন আগতে যোৱা ৮জুনত সুশান্তৰ ঘৰৰ পৰা ওলাই যোৱা ৰিয়াই ৮টা কম্পিউটাৰৰ হাৰ্ড ড্ৰাইভ নষ্ট কৰি পেলাইছিল।

চিবিআইৰ জেৰাত এই কথা প্ৰকাশ কৰিছে সিদ্ধাৰ্থ পিঠানিয়ে।

বাতৰি অনুসৰি, সুশান্ত আৰু ৰিয়াৰ মাজত সিদিনা কাজিয়া হৈছিল আৰু ৰিয়াই ঘৰ এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। লকডাউন আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা ৰিয়াই সুশান্তৰ ফ্লেটত থাকিবলৈ লৈছিল।

সিদ্ধাৰ্থই জানিবলৈ দিয়া যে সেই হাৰ্ড ড্ৰাইভকেইটাত কি আছিল তেওঁ নাজানে যদিও এগৰাকী আই টিৰ লোকে ঘৰলৈ আহি সেইদিনা দুয়োগৰাকীৰে উপস্থিতিত হাৰ্ড ড্ৰাইভকেইটা ক্লিন কৰি থৈ যায়।

সিদ্ধাৰ্থই ঘটনাৰ সাক্ষী হিচাপে ঘৰুৱা সহায়কাৰী দীপেশ সাৱান্ট আৰু ৰান্ধনি নীৰজৰ নাম প্ৰকাশ কৰিছে।

সুশান্ত সিং ৰাজপুতৰ পিতৃৰ অধিবক্তা বিকাশ সিঙে কয় যে ইয়াৰ বিতৰত বহু ডাঙৰ চক্ৰান্ত লুকাই আছে বুলি তেওঁ ভাৱে। ঘটনাটোৰ সৈতে হয়তো আৰু বহু ডাঙৰ লোকৰ নাম সংম্পৃক্ত হৈ আছে।