NORTHEAST NOW (Assamese)
অৰুণাচল

নৱনিৰ্মিত মেকা-বমজিৰ সেতুৰ জৰিয়তে অৰুণাচলৰ সৈতে অচিৰেই সংযোগ ঘটিব উত্তৰ অসমৰ

Posted by: এন ই নাও নিউজ March 19, 2018 10:50 am
10

দেশৰ দ্বিতীয় দীৰ্ঘতম দলংখন মুকলি কৰাৰ বাবে প্ৰস্তুত হৈ উঠিছে। দেশৰ দীৰ্ঘতম ড০ ভূপেন হাজৰিকা সেতুৰ পাছতেই স্থান ল’বলৈ ওলোৱা অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলি জিলাৰ দিবাং নদীৰ ওপৰত নিৰ্মাণ কৰা ৬.২০ কিল’মিটাৰ দৈৰ্ঘ্যৰ মেকা আৰু বমজিৰ সংযোগী সেতুখনে উত্তৰ অসমক অচিৰেই অৰুণাচলৰ সৈতে সম্পৰ্কিত কৰিব।

সেতুখন মুকলি হোৱাৰ পিছত লৱাৰ দিবাং ভেলি জিলাৰ লগতে লোহিত জিলাৰ সৈতে পূব চিয়াং, পশ্চিম চিয়াং জিলাৰ সংযোগ ঘটাৰ লগতে উত্তৰ অসমৰ সৈতেও পথ যোগাযোগৰ ক্ষেত্ৰত নতুন দিশ উন্মোচিত কৰিব।

ড০ ভূপেন হাজৰিকা সেতুৰ পৰা মাত্ৰ ৫০ কিল’মিটাৰ নিলগৰ  সেতুখনৰ নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে।

ৰাষ্ট্ৰীয় ঘাইপথ আৰু পৰিবহণ মন্ত্ৰ্যালয়ৰ পুঁজিৰে নিৰ্মিত এই সেতুখন চলিত বছৰৰ এপ্ৰিল বা মে’ মাহত ৰাষ্ট্ৰৰ নামত উৎসৰ্গ কৰা হ’ব।

ড০ ভূপেন হাজৰিকা সেতু নিৰ্মাণ কৰা নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানীয়ে একেই কাৰিকৰী কৌশলেৰে নিৰ্মাণ কৰা  সেতুখন উদ্বোধনৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নিতিন গডকাৰিৰ সৈতে যোগাযোগ কৰাৰ কথা জানিব পৰা গৈছে।

সেতুখন মুকলি হোৱাৰ লগে লগে চীন সীমান্তলৈকে ভাৰতীয় সেনাৰ সঞ্চালন তেনেই উজু হৈ পৰিব।  ড০ ভূপেন হাজৰিকা সেতুৰ লগতে মেকা আৰু বমজিৰ সংযোগী সেতু সামৰিক কৌশলগত দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে।

তদুপৰি, দলংখনৰ  নিৰ্মাণ সম্পূৰ্ণ হোৱাত দিবাং নৈখনৰ বাবে দীৰ্ঘকাল ধৰি জীয়াতু ভুগি  অহা মেকা, বমজিৰ, ডানবুক আদি স্থানৰ ৰাইজে নতুন জীৱন লাভ কৰাৰ দৰে হ’ব।