NORTHEAST NOW (Assamese)
Uncategorized

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দুহেজাৰ প্ৰাথমিক বিদ্যালয় প্ৰাদেশিকীকৰণৰ ঘোষণা হিমন্তৰ

Posted by: এন ই নাও নিউজ March 19, 2018 10:11 am
18-03-18 Misamari- BJP Gana Smambesh (1)

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ২০০০খন প্ৰাথমিক বিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদানৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ কথাও প্ৰকাশ কৰিছে।

শোণিতপুৰ জিলাৰ মিছামাৰীত দেওবাৰে জিলা বিজেপিৰ উদ্যোগত আয়োজন কৰা এক গণসমাৱেশত আগন্তুক পৰ্যায়ত নিৰ্বাচনৰ ৰণশিঙা বজাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ বিভিন্ন উন্নয়নমুখী আঁচনিৰ কথা দোহাৰে।

কংগ্ৰেছ দল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে যথেষ্ট সৰৱ হৈ উঠে মন্ত্ৰীগৰাকী। ভাষণ প্ৰসংগত তেওঁ কয় যে কংগ্ৰেছ দলৰ পৰা যিমানসংখ্যক লোক আহি বিজেপিত যোগদান কৰিলে ইয়াৰ পৰা মই নিশ্চিত যে ভৱিষ্যতে কংগ্ৰেছে নিৰ্বাচনত ঢেকীয়াজুলিত ৫ হেজাৰতকৈ অধিক ভোট লাভ কৰিব নোৱাৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক তীব্ৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় গগৈয়ে যদি মোক দুৰ্নীতি কৰাত আৰু অস্ত্ৰ ৰখাৰ অপৰাধত সহায় কৰিছিল, তেনেহ’লে গগৈৰ বিৰুদ্ধেও গোচৰ ৰুজু হোৱা উচিত।

18-03-18 Misamari- BJP Gana Smambesh (2)

বিজেপি চৰকাৰৰ বিকাশমূলক আঁচনিৰ তথ্য দাঙি ধৰি মন্ত্ৰী শৰ্মাই কয় যে স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ত দুখীয়া ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া কৰাৰ ফলত প্ৰায় ১৪ লাখ ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে। একেদৰে কেঞ্চাৰ, কিডনী আৰু হাৰ্টৰ বেমাৰ হ’লে দুই লাখ টকা পৰ্যন্ত চৰকাৰীভাৱে সাধাৰণ ৰাইজে সাহায্য লাভ কৰিব।

অটল অমৃত কাৰ্ডৰ জৰিয়তে মুঠ তিনি কোটি লোক উপকৃত হ’ব বুলি মন্তব্য কৰি তেওঁ কয় যে ব’হাগ বিহুৰ প্ৰথমদিনাৰ পৰাই অসমৰ ৰাইজে অটল অমৃত কাৰ্ডৰ সুবিধা লাভ কৰিব।

ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে  চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ পাঁচ হেজাৰ কৃতী পৰীক্ষাৰ্থীক স্কুটী প্ৰদানৰ বিপৰীতে আগন্তুক বৰ্ষত দহ হেজাৰ ছাত্ৰীক এই উপহাৰ প্ৰদান কৰা হ’ব।

শোণিতপুৰ জিলা বিজেপিৰ সভাপতি মৃণাল শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত গণসমাৱেশত ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰথীন্দ্ৰ দেৰ নেতৃত্বত প্ৰায় দুহেজাৰ ভিন্ন দলৰ কৰ্মীয়ে বিজেপিত যোগদান কৰে। সমাৱেশত বিজেপি সাংসদ আৰ পি শৰ্মা, মন্ত্ৰী পল্লৱলোচন দাস, বিধায়ক গণেশ লিম্বু আদি নেতা উপস্থিত থাকে।