NORTHEAST NOW (Assamese)
Popular Stories

ভাৰত-বাংলা সীমান্তত দুই সতীৰ্থক গুলীয়াই হত্যা কৰিলে বিএছএফৰ এজন জোৱানে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 4, 2020 6:53 pm
gun-2227646_1920

পশ্চিম বংগৰ ভাৰত-বাংলাদেশ সীমান্তত কৰ্তব্যৰত সীমান্ত সুৰক্ষা বাহিনী(BSF)ৰ এজন জোৱানে দুগৰাকী সতীৰ্থক গুলীয়াই হত্যা কৰিছে।

চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি পশ্চিমবংগৰ উত্তৰ দিনাজপুৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ ৰায়গঞ্জ আৰক্ষীৰ থানাৰ অন্তৰ্গত ভূটান গাঁৱত বিএছএফৰ কনিষ্টবল উত্তম সূত্ৰধৰে বিএছএফৰ বেলেটিয়ন কামাণ্ডাৰ মহেন্দ্ৰ সিং ভট্টি আৰু কনিষ্টবল অনুজ কুমাৰক খণ্ড যুঁজ লগাৰ পিছত গুলীয়াই হত্যা কৰে।

গুলীবিদ্ধ দুয়োগৰাকীকে ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

“গুলীচালনা কৰাৰ পিছতে সূত্ৰধৰে বিএছএফৰ জ্যেষ্ঠ বিষয়াৰ ওচৰত আত্মসমৰ্পণ কৰে। তেওঁ এতিয়া আৰক্ষীৰ জিম্মাত আছে। তেওঁৰ পূৰ্বৰে পৰা কিছু কথাত মৃত্যু হোৱা সতীৰ্থ দুজনৰ সৈতে বিবাদ লিপ্ত হৈ আহিছিল। ইতিমধ্যে আমি তদন্ত আৰম্ভ কৰিছো।” জিলাখনৰ এজন শীৰ্ষ আৰক্ষী বিষয়াই কয়।

ইফালে সীমান্ত সুৰক্ষা বাহিনীয়ে উক্ত ঘটনাৰ অভ্যন্তৰীণ তদন্তৰ নিৰ্দেশ দিছে।