NORTHEAST NOW (Assamese)
অসম

ক’ভিড১৯: অসমত ২৬৭৯ নতুন আক্ৰান্ত, মুঠ মৃতকৰ সংখ্যা ১৩২লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 7, 2020 10:36 pm
Covid death toll in Assam reaches 930

২৬৭৯গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। আৰু ছগৰাকী ৰোগীৰ মৃত্যুৰ সৈতে মুঠ মৃতকৰ সংখ্যা ১৩২লৈ বৃদ্ধি পাইছে।

মৃত্যু হোৱা ব্যক্তিকেইগৰাকী হৈছে— ধুবুৰীৰ প্ৰবন কুমাৰ আগৰৱাল (৫৭), কোকৰাঝাৰৰ সীতা দেৱী (৫৬), ডিব্ৰুগড়ৰ ৰেণু গগৈ (৬০), কাছাৰৰ সমৰ দেব (৬১), নগাঁৱৰ আব্দুল গফুৰ (৬৮) আৰু কামৰূপ মহানগৰৰ নীলমণি চক্ৰবৰ্তী (৬৯)।

ইফালে নতুনকৈ চিনাক্ত ক’ভিড পজিটিভসকলৰ মাজত আছে— কামৰূপ মহানগৰৰ ৪৪২, কামৰূপৰ ২৬৫, কাছাৰৰ ২৫০ আৰু নগাঁৱৰ ১৭২গৰাকী ব্যক্তি।

অৱশ্যে অসমত কভিড পজিটিভৰ হাৰ নিয়মিতভাৱে হ্ৰাস পাই আহিছে।

যোৱা ২৪ ঘণ্টাত অসমত ৫৮,৫৩১টা টেষ্ট সম্পন্ন হৈছে। ইয়াৰ বিপৰীতে পজিটিভৰ হাৰ ৪.৫৭ শতাংশ।

অসমত এতিয়ালৈকে ৩৭,২২৪গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে।

নতুনকৈ চিনাক্ত আক্ৰান্তসকলক ধৰি অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ১৮,১৩৭লৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৫৫,৪৯৬ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।