NORTHEAST NOW (Assamese)
অসম

অধিনায়ককে ধৰি ভাৰতীয় হকী দলৰ পাঁচগৰাকী তাৰকা কোভিড-১৯ত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 8, 2020 9:39 am
WhatsApp Image 2020-08-08 at 9.07.01 AM

ভাৰতীয় হকী দলৰ অধিনায়ক মনপ্ৰাত সিঙকে ধৰি দলটোৰ মুঠ পাঁচগৰাকী তাৰকা খেলুৱৈ কোভিড-১৯ত আক্ৰান্ত হৈছে।

বেংগালুৰুৰ ৰাষ্ট্ৰীয় শিৱিৰত যোগ দিয়াৰ পূৰ্বে বাধ্যতামূলক কৰ’না টেষ্টত পাঁচগৰাকী খেলুৱৈৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে।

স্প’ৰ্টছ অথৰিটি অফ ইণ্ডিয়াই এই কথা জানিবলৈ দিছে।

অধিনায়ক মনপ্ৰীত সিঙৰ উপৰি কৰ’নাত আক্ৰান্ত হৈছে ডিফেণ্ডাৰ সুৰেন্দ্ৰ কুমাৰ, জছকৰণ সিং, কৃষান বি পাঠক আৰু ড্ৰেগ-ফ্লিকাৰ বৰুণ কুমাৰ।

কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত অধিনায়ক মনপ্ৰীতে এক বিজ্ঞপ্তিত কয় যে তেওঁ স্প’ৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ চৌহদত চেল্ফ কোৱাৰেন্টাইনত থাকিব। সাইয়ে যিদৰে বিষয়টো চম্ভালিছে তাত তেওঁ সন্তুষ্ট।

তেওঁ লগতে কয় যে তেওঁ বৰ্তমান ভালেই আছে আৰু শীঘ্ৰেই সুস্থ হৈ উঠাৰ আশা কৰিছে।

প্ৰথমতে পাঁচগৰাকী খেলুৱৈৰে কৰ’না টেষ্ট নিগেটিভ আহিছিল। পাছত মনপ্ৰীত সিঙৰ কিছু লক্ষণ দেখা দিয়াত একেলগে যাত্ৰা কৰা মুঠ দহজনৰ পুনৰ কৰ’না টেষ্ট কৰা হয়।

কৰ’না আক্ৰান্ত পাঁচোগৰাকী খেলুৱৈকে আইছ্যলেশ্যনলৈ প্ৰেৰণ কৰা হৈছে আৰু প্ৰট’কল অনুসৰি বাকীসকলকো কোৱাৰেন্টাইন কৰা হ’ব।