NORTHEAST NOW (Assamese)
অসম

‘ঘৰলৈ উভতিছো’…ফেচবুকত দুঘন্টা আগত পোষ্ট, তাৰ পিছত সকলো শেষ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 8, 2020 5:44 pm
Sharafu

বহু দিনৰ মূৰত বিদেশৰ পৰা আপোন ঘৰখনলৈ উভতি আহিছে তেওঁ। সেয়ে স্বাভাৱিকতে উলাহে নধৰা হিয়া।

আনন্দতে আত্মহাৰা যুৱক জনে স্ত্ৰী আৰু কন্যাৰ সৈতে বিমানৰ ভিতৰতে ছেলফী উঠি ফেচবুকত পোষ্ট কৰিলে।

ছবিৰ কেপচন দিলে-‘ঘৰলৈ উভতিছো’। কিন্তু যুৱক জনৰ ঘৰলৈ ওভতা নহ’ল।

শুকুৰবাৰে সন্ধিয়া কেৰালাৰ কোজিকোডৰ বিমান বন্দৰত সংঘটিত বিমান দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে কেৰালাৰ ৩৫ বছৰীয়া যুৱক ছৰাফু পিলাচেৰিৰ ।

বন্দে ভাৰত অভিযানৰ অধীনত ডুবাইৰ পৰা পত্নী আৰু কণমানি কন্যাৰ সৈতে কেৰালাৰ নিজৰ ঘৰ খনলৈ বুলি আহিছিল ছৰাফু।

ডুবাইত সাধাৰণ কাম কৰা ছৰাফুই জনা নাছিল সেই ফেচবুক পোষ্টেই তেওঁৰ জীৱনৰ শেষ পোষ্ট হ’ব।

কোভিডৰ প্ৰট’কল মানি বিমান যাত্ৰাৰ সময়ত ছৰাফু আৰু তেওঁৰ পৰিয়ালৰ লোকে পিন্ধিছিল পি পি ই কিট,পিন্ধিছিল ফেচ মাস্ক।

সেই সাজেৰেই তেওঁ দিছিল ফেচবুক পোষ্ট।

পোষ্ট দিয়াৰ প্ৰায় দুঘণ্টা পিছতে এয়াৰ ইণ্ডিয়াৰ অভিশপ্ত বিমান খন কালিকটৰ বিমান বন্দৰত দুফাল হৈ পৰিল। দুৰ্ঘটনাত ছৰাফুৰ পত্নী আমিনাই বিশেষ আঘাত নোপোৱাকৈ থাকিল যদিও ছৰাফুৰ মৃত্যু হ’ল।

কণমানি কন্যা ফাতিমা এতিয়া কোজিকোডৰ চিকিৎসালয়ৰ আই চি ইউত।

তাই নাজানে মৰমৰ দেউতাক আৰু এই পৃথিৱীত নাই বুলি।