NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে কভিড১৯ আক্ৰান্তই জন্ম দিলে সন্তান

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ August 8, 2020 6:08 pm
COVID19 positive mother gives birth in Sivasagar Civil Hospital

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে কভিড১৯ আক্ৰান্ত মহিলাই জন্ম দিলে সন্তান।

আজি এক স্মৰণীয় মুহূৰ্ত্তৰ সাক্ষী হ’ল শিৱসাগৰ অসামৰিক চিকিৎসালয়। শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰথম কভিড আক্ৰান্তই জন্ম দিলে সন্তান।

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত পূৰ্বতে স্থাপন কৰা কভিডৰ লেবাৰ আৰু অস্ত্ৰোপচাৰ কক্ষত কভিড আক্ৰান্ত মহিলাই জন্ম দিলে দেৱশিশু।

শুকুৰবাৰে দুপৰীয়া শিৱসাগৰ জিলাৰ আমগুৰি হালোৱাটিঙৰ কাজল পাংগিং নামৰ গৰ্ভৱতী মহিলাগৰাকী ভৰ্তি হয় শিৱসাগৰ অসামৰিক চিকিৎসালয়ত।

মহিলাগৰাকীৰ ৰেপিড টেষ্ট কৰাত দুৰ্ভাগ্যবশতঃ তেওঁৰ শৰীৰত কভিড পজিটিভ ধৰা পৰে।

কিন্তু শিৱসাগৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই কেনো হেমাহি নকৰি কভিড কেয়াৰ কক্ষত ভৰ্তি কৰে।

কিন্তু মহিলাগৰাকীৰ ৰাতি প্ৰসৱৰ বেদনা হোৱাত চিকিৎসালয়খনত থকা কভিড লেবাৰ ৰূমত ভৰ্তি কৰে মহিলাগৰাকীক।

আৰু নৈশ দায়িত্বত থকা ডাক্তৰ, কভিড ষ্টাফ আৰু লেবাৰ ৰূমৰ ষ্টাফৰ লগতে স্ত্ৰীৰোগ চিকিৎসক ডাঃ প্ৰশান্ত প্ৰতীম শৰ্মা আৰু জ্যেষ্ঠ পৰিচাৰিকা সোণমনি তামুলীৰ সহায়ত কাজল পাংগিঙে  আজি ৰাতি ২ বাজি ২৩ মিনিটত এটি সুস্থ পুত্ৰ সন্তান জন্ম দিয়ে।

ইপিনে প্ৰসূতিগৰাকী আৰু সদ্যজাত শিশুটিক ৰাতিপুৱালৈকে পিপিই কিট পৰিধান কৰি শুশ্ৰূষা কৰে জ্যেষ্ঠ পৰিচাৰিকা সোণমনি তামুলীয়ে।

বৰ্তমান মাতৃ আৰু শিশুটি সম্পূৰ্ণ সুস্থ আৰু দুয়োকে কভিড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

ডাঃ প্ৰশান্ত প্ৰতীম শৰ্মা, জ্যেষ্ঠ পৰিচাৰিকা সোণমনি তামুলীৰ কৰ্তব্যনিষ্ঠা আৰু সাহসিকতাক সকলোৱে প্ৰশংসা কৰিছে।