NORTHEAST NOW (Assamese)
অসম

ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগেও ধ্বংস কৰিব নোৱাৰিব ৰাম মন্দিৰ,টিকি থাকিব ১০০০ বছৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 8, 2020 7:15 pm
Ram-Mandir

বহু মঠ-মন্দিৰ,সভ্যতা ইতিমধ্যে কালৰ কুটিল পাক চক্ৰত পৰি হেৰাই গৈছে ভাৰতৰ পৰা।

নানান প্ৰাকৃতিক দুৰ্যোগে ধ্বংস কৰিছে শতিকা প্ৰাচীন মঠ- মন্দিৰ।

কিন্তু অযোধ্যাৰ ৰাম মন্দিৰক কোনো প্ৰাকৃতিক দুৰ্যোগে ধ্বংস কৰিব নোৱাৰিব।

শক্তিশালী ভূমিকম্পকো নেওঁচি শিৰ উন্নত কৰি থাকিবলৈ সক্ষম হ’ব ৰাম মন্দিৰে।

এই দাবী কৰিছে ৰাম মন্দিৰ ট্ৰাষ্টৰ কৰ্মকৰ্তা চম্পত ৰায়ে। ৰায়ৰ দাবী-ৰাম মন্দিৰৰ নিৰ্মাণ শৈলীত ব্যৱহাৰ কৰা হ’ব অত্যাধুনিক প্ৰযুক্তি।

দেশ তথা বিদেশত বহু শক্তিশালী নিৰ্মাণৰ নজিৰ গঢ়া লাৰছেন এণ্ড টাৰবোক দিয়া হৈছে ৰাম মন্দিৰ নিৰ্মাণৰ কাম।

গভীৰ নদীত যিদৰে বহু তললৈ খুটা পুতি দলং নিৰ্মাণ কৰা হয় ঠিক তেনেদৰে ৰাম মন্দিৰৰ ভেটিও মাটিৰ বহু তলৰ পৰা গাঁঠি অহা হ’ব।

ফলত কোনো প্ৰাকৃতিক দুৰ্যোগে ধ্বংস কৰিব নোৱাৰিব এই মন্দিৰ। ৰাম মন্দিৰ কমেও ১০০০ বছৰ অক্ষত হৈ ৰ’ৱ বুলি ৰায়ে মন্তব্য কৰে।

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ইতিমধ্যে ৪২ কোটি টকা জমা আছে বুলি মন্তব্য কৰি ৰায়ে কয় যে দেশৰ জনতাই বাকী ধনৰো যোগান ধৰিব।