NORTHEAST NOW (Assamese)
অসম

৪০ হাজাৰ অতিক্ৰম অসমত ক’ভিড আৰোগ্যৰ, নতুনকৈ মুকলি ১৭৮২

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 8, 2020 10:46 pm
Covid19: 1586 persons discharged in Assam on Tuesday

১৭৮২গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰ সৈতে অসমত মুঠ আৰোগ্য লোকৰ সংখ্যাই শনিবাৰে ৪০হাজাৰ অতিক্ৰম কৰিছে।

অসমত এতিয়ালৈকে ৪০,৫৯১গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৬,৯৮০ (।)

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইপিনে ২২১৮গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

ইয়াৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ২৯৯, কাছাৰৰ ১৬৫, নগাঁৱৰ ১৫০ আৰু ডিব্ৰুগড়ৰ ১৪২গৰাকী ব্যক্তি।

অৱশ্যে অসমত ক’ভিড টেষ্টৰ তুলনাত পজিটিভৰ হাৰ নিয়মিতভাৱে হ্ৰাস পাই আছে।

যোৱা ২৪ ঘণ্টাত অসমত ৫৪,৮৪৫টা ক’ভিড টেষ্ট সম্পন্ন হৈছে। পজিটিভৰ হাৰ হৈছে ৪.০৪ শতাংশ।

নতুন ক’ভিড পজিটিভ ব্যক্তিসকলক ধৰি অসমত চিনাক্ত মুঠ আক্ৰান্তৰ সংখ্যা ৫৭,৭১৪লৈ বৃদ্ধি পাইছে।

আনহাতে আৰু আঠগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৪০লৈ বৃদ্ধি পাইছে।