NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত ৪.১ প্ৰাবল্যৰ ভূমিকম্প

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 9, 2020 5:21 pm

দেওবাৰে আবেলি এটা ৪.১ প্ৰাবল্যৰ মজলীয়াধৰণৰ ভূমিকম্পই অৰুণাচল প্ৰদেশক জোকাৰি যায়।

মজলীয়া প্ৰাবল্যৰ ভূমিকম্পটোৱে অৰুণাচল প্ৰদেশৰ মূলত পাংগিন অঞ্চলক জোকাৰি যায়।

কেন্দ্ৰীয় ভূকম্পন কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পটোৰ মূল উৎস আছিল অৰুণাচলপ্ৰদেশৰ পাংগিঙৰ ১৮৪ কিলোমিটাৰ উত্তৰ আৰু উত্তৰ-পূৱে।

দেওবাৰে আবেলি ২.২০ বজাত অহা ভূমিকম্পটো ২০০ কিলোমিটাৰ গভীৰতাত অনুভূত হৈছিল।

আনহাতে, এই ভূমিকম্পটোৰ ফলত ৰাজ্যখনত কেনেধৰণৰ ক্ষয়-ক্ষতি হৈছে নে কোনো লোক হতাহত হৈছে সেই সম্বন্ধে এতিয়ালৈ কোনোধৰণৰ বাতৰি লাভ কৰা নায়।

উল্লেখযোগ্য যে, অৰুণাচলপ্ৰদেশৰ পূৰ্বেও মিজোৰামক বিগত মাহত ভালেকেইটা ভূমিকম্পই জোকাৰি গৈছিল।