NORTHEAST NOW (Assamese)
অসম

জুবিনে মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰাৰ প্ৰয়োজন নাছিল; বৰপেটাত জুবিনক সমালোচনা সাংসদ অজিত ভূঞাৰ

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস August 10, 2020 7:11 pm

”বিজেপিয়ে পুজিপতিৰ স্বাৰ্থত কাম কৰে ৷ বিজেপি দলে অসমক আৰু অসমবাসীক ধ্বংসৰ পিনে ঠেলি দিছে,” এই বিস্ফোৰক অভিযোগ ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ ৷

আজি বৰপেটা প্ৰেছ ক্লাৱত আঞ্চলিক গণমৰ্চাৰ উদ্যোগত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰি সাংসদ ভূঞাই লগতে কয় যে, বৰ্তমানৰ বিজেপি চৰকাৰে ধৰ্মক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি আছে৷ মন্দিৰ নিৰ্মাণ কৰিলে ৰাইজৰ সমস্যা সমাধান নহয় বুলিও তেওঁ মন্তব্য কৰে৷

আনহাতে, অসমৰ যুৱ প্ৰজন্মৰ হাৰ্থথ্ৰব তথা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত অন্যতম ভূমিকা গ্ৰহণ কৰা জুবিন গাৰ্গে অসম চৰকাৰৰ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ পদ গ্ৰহণ কৰাক লৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ অজিত ভূঞাই৷

জুবিন গাৰ্গে চৰকাৰী পদ গ্ৰহণ কৰাক লৈ ৰাইজ সন্তুষ্ট হোৱা নাই বুলিও ভূঞাই বৰপেটাত মন্তব্য কৰে৷

চৰকাৰে সদায় অসমীয়া জাতীয়তাবাদৰ হকে কাম কৰি অহা লোক সকলক কিনি ল’ব বিচাৰে বুলি অজিত ভূঞাই উল্লেখ কৰি জুবিনে মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰাৰ কোনো প্ৰয়োজন নাছিল বুলিও লগতে কয়।