NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৫০ অতিক্ৰম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2020 10:06 pm

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই ১৫০ অতিক্ৰম কৰিছে।

আজি ৰাজ্যত পুনৰ ছয়গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।

আজি মৃত্যু হোৱা লোক কেইগৰাকী হৈছে ক্ৰমে- শোণিতপুৰৰ সঞ্জীৱ কুমাৰ ভূঞা (৫২), কৰিমগঞ্জৰ চুবিৰ কুমাৰ দাস (৭০), ডিব্ৰুগড়ৰ চালিল চৌধুৰী (৫৮) আৰু কামৰূপ মহানগৰ জিলাৰ ক্ৰমে সন্তোষ ভট্টাচাৰ্য্য (৬৮), চন্দন মহন্ত (২৬), অশোক কে চৌধুৰী (৬৫)।

অসমত এতিয়ালৈ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মুঠ ১৫১ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

অসমত বৰ্তমানলৈ মুঠ ৫৮,৮৩৭ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

বৰ্তমান ৰাজ্যত ১৬,৩৫৮ গৰাকী সক্ৰিয় কোভিড ৰোগী বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

দেওবাৰেও অসমত পাঁচগৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছিল।

ভাৰতৰ ১২ খন সৰ্বাধিক ক’ৰ’না সংক্ৰমণ হোৱা জিলাৰ ভিতৰত কামৰূপ মহনগৰ জিলাও অন্যতম।