NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না মুক্ত কৰ্ণাটকৰ মুখ্য মন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2020 9:50 pm
ক’ৰ’না মুক্ত কৰ্ণাটকৰ মুখ্য মন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পা

চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰিছে কৰ্ণাটকৰ মুখ্য মন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পা।

আজি চিকিৎসকে য়েডিয়ুৰাপ্পাক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ অনুমতি দিয়ে।

২ আগষ্টত কোভিড প’জিটিভ পোৱাৰ পাছত ৭৭ বছৰীয়া বিজেপিৰ নেতা গৰাকী বাংগালুৰুৰ মণিপাল হস্পিটেলত চিকিৎসাধীন হৈ আছিল।

কোভিড প’জিটিভ হোৱাৰ পাছত সম্পুৰ্ণ সুস্থ হৈ থকাৰ পাছতো চিকিৎসকৰ পৰামৰ্শ অনুসৰি য়েডিয়ুৰাপ্পাই চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

উল্লেখযোগ্য যে, য়েডিয়ুৰাপ্পাৰ উপৰিও আন এগৰাকী বিজেপিৰ নেতা তথা মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহান কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হৈছিল।

শিৱৰাজ সিং চৌহান চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হোৱাৰ পাছত কোভিড ৰোগীৰ চিকিৎসাৰ বাবে প্লাজমা দান কৰাৰ কথা ঘোষণা কৰিছে।