NORTHEAST NOW (Assamese)
অসম

যদিহে এই দহখন ৰাজ্যত ক’ৰ’নাক পৰাস্ত কৰিবলৈ সক্ষম হোৱা যায় তেন্তে সমগ্ৰ দেশৰ বিজয় নিশ্চিত হ’ব : প্ৰধান মন্ত্ৰী মোদী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 11, 2020 6:22 pm

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ দহখন ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে এক আলোচনাত মিলিত হয়।

মোদীয়ে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, পঞ্জাৱ, বিহাৰ, গুজৰাট, তেলেংগানা আৰু উত্তৰপ্ৰদেশৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে আলোচনাত মিলিত হয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দহখন ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰি কয় যে দেশৰ মুঠ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ৮০ শতাংশ এই ১০ খন ৰাজ্যৰ। যদিহে এই দহখন ৰাজ্যত ক’ৰ’না ভাইৰাছক পৰাস্ত কৰিব পৰা যায় তেন্তে সমগ্ৰ দেশে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ব।

আনহাতে, বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি যদিহে ৭২ ঘণ্টাৰ ভিতৰত কোভিড আক্ৰান্তৰ চিকিৎসা কৰাব পৰা যায় তেন্তে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পৰা যাব বুলিও প্ৰধান মন্ত্ৰী মোদীয়ে লগতে কয়।

মোদীয়ে এই লক্ষ্য আগত ৰাখি ভবিষ্যতে কোভিড ৰোগীৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী লোককে ৭২ ঘণ্টাৰ ভিতৰত টেষ্ট কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও উল্লেখ কৰে।