NORTHEAST NOW (Assamese)
অসম

মৰিগাঁও চহৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত দম্পতী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 13, 2020 6:15 pm
Marigaon Story

মৰিগাঁও চহৰৰ মাজমজীয়াত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ডাম্পাৰ খুন্দাত থিতাতে নিহত হৈছে দুগৰাকী বাইক আৰোহী। নিহত লোক দুগৰাকীৰ মাজৰ এগৰাকী মিহলা বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী মতে আজি দিনৰ প্ৰায় ১২.৫৫ বজাত মৰিগাঁও চহৰৰ পৰা ঘৰ অভিমুখী এখন বাইকত প্ৰচণ্ড জোৰেৰে পিছফালৰ পৰা খুন্দা মাৰে এখন ডাম্পাৰে। তীব্ৰ বেগী ডাম্পাৰখনে বহুদূৰ মহতিয়াই নিয়াৰ ফলত ফলত থিতাতে নিহত হয় দুই বাইক আৰোহী।

মৰিগাঁও জিলা পৰিষদৰ সন্মুখত সংঘটিত উক্ত দুৰ্ঘটনাটোত নিহত লোক দুজন ত্ৰৈলোক্য ডেকা আৰু ৰুণু ডেকা বুলি চিনাক্ত কৰা হৈছে। মৃত লোক দুগৰাকী পতী-পত্নী বুলি জানিব পৰা গৈছে।

নিহত ত্ৰৈলোক্য ডেকা ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া।দুৰ্ঘটনাত পতিত দম্পতী হাল তিনি সন্তানৰ পিতৃ-মাতৃ আছিল।

তীব্ৰ বেগী ডাম্পাৰখনে ইমানেই জোৰেৰে ঘৰ অভিমুখী বাইকখনত খুন্দা মাৰে যে দুয়োগৰাকী আৰোহীৰ দুৰ্ঘটনাস্থলীত থিতাতে মৃত্যু ঘটে। মূৰত আঘাতপ্ৰাপ্ত দুয়োগৰাকী আৰোহীৰ দুৰ্ঘটনাস্থলীত মগজুৰ অংশবোৰ পথত ছিটিকি পৰে।

উল্লেখ্য যে মৰিগাঁও চহৰৰ মাজমজীয়াত আজি কিছুদিনৰ পৰা ডাম্পাৰ চালকৰ অতপালি বৃদ্ধি পাই আহিছে। উদণ্ড ডাম্পাৰ চালকক প্ৰশাসন আৰু পৰিবহন বিভাগে নাকি লগোৱাত ব্যৰ্থ হোৱা বুলি ক্ষোভ উজাৰিছে স্থানীয় লোকে। আৰু অতি শীঘ্ৰে পৰিবহন বিভাগ আৰু প্ৰশাসনক ডাম্পাৰ চালকসকলক নিয়ন্ত্ৰণ কৰিবলৈ দাবী উত্থাপন কৰিছে।

ভংয়কৰ দুৰ্ঘটনাটোৱে মৰিগাঁও চহৰত চাঞ্চল্যৰ সৃষ্টিৰ কৰাৰ লগতে স্থানীয় লোকৰ মাজত শোকৰ ছাঁ পৰিছে।

ইফালে দুর্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ চালকজনক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্টাৰ কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে সমগ্ৰ দুৰ্ঘটনাটো চিচি টিভিৰ কেমেৰাত বন্দী হৈ ৰ’ল।