NORTHEAST NOW (Assamese)
অসম

অসমত আৰু ছয় ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ১৬১লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2020 10:25 pm
Covid death toll in Assam reaches 930

আৰু ছগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৬১লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কাছাৰৰ হিমাংশু দে (৭০), কৰিমগঞ্জৰ দেবব্ৰত চৌধুৰী (৪৯), ধেমাজিৰ ধনেশ্বৰ শৰ্মা (৫৬), ডিব্ৰুগড়ৰ বিশ্বজিত ঘোষ (৫৩) আৰু মহেশ বৰুৱা (৬০) আৰু কামৰূপ মহানগৰৰ এম হুছেইন (৫৮)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

মঙলবাৰলৈকে ১৫৫গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে মঙলবাৰ পৰ্য্যন্ত অসমত ৪৫,০৭৩গৰাকী ব্যক্তিয়ে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে।

অসমত মঙলবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ১৯১৭৫ (।)

অসমত মঙলবাৰলৈকে চিনাক্ত মুঠ ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৬৪,৪০৬ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।