NORTHEAST NOW (Assamese)
Popular Stories

‘ভেকচিন প্ৰস্তুতিত পিছ পৰি ৰৈ যোৱাসকলেহে ৰাছিয়াৰ ভেকচিনকলৈ ভিত্তিহীন অভিযোগ কৰিছে’; ৰাছিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2020 12:43 pm
maxresdefault

ৰাছিয়াৰ কোভিড ভেকচিন স্পটমিক-ভি(SputmikV) মুকলি কৰাৰ লগতে সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আমেৰিকা, ব্ৰিটেইনকে আদি কৰি ইউৰোপৰ দেশসমূহেও ৰাছিয়াৰ কোভিড ভেকচিনক লৈ কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে।

আনকি বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৱেও আপত্তি দৰ্শাইছে ৰাছিয়াৰ কোভিড ভেকচিনটোকলৈ।

বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে, ৰাছিয়াৰ ভেকচিনটোৰ সুৰক্ষা সম্পৰ্কীয় সমস্ত তথ্য কঠোৰভাৱে পৰীক্ষা কৰাৰ পিছতহে ইয়াৰ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিব।

WHOৰ তথ্য অনুযায়ী ৰাছিয়াৰ ভেকচিনটো প্ৰথম পৰ্যায়ৰ ট্ৰায়েলহে সম্পন্ন কৰা হৈছে।

ইফালে আমেৰিকা, ব্ৰিটেইন আদি দেশৰ বিশেষজ্ঞসকলে অভিযোগ তুলি কৈছে যে এতিয়াও ইয়াৰ অন্তিম পৰ্যায়ৰ মানৱ পৰীক্ষণ হোৱা নাই।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে সংবাদ মেল আয়োজন কৰি কৈছিল যে ৰাছিয়াৰ কোভিড ভেকচিনটোৰ কোনো পাৰ্শ্বক্ৰিয়া নাই আৰু ই ক’ৰ’না বিৰুদ্ধে যুঁজ কৰিবলৈ সক্ষম।

ইয়াৰ পিছতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰ আৰু ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানবোৰে ৰাছিয়াৰ ভেকচিনটোকলৈ প্ৰশ্ন উত্থাপন কৰিছে।

কিন্তু ৰাছিয়াই বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ আশংকা আৰু অভিযোগক নস্যাৎ কৰি কৈছে ৰাছিয়াৰ ভেকচিনটো যথেষ্ট পৰীক্ষিত আৰু কাৰ্যকৰী।

ভেকচিন প্ৰস্তুতিৰ প্ৰতিযোগিতাত পিছ পৰাসকলেহে ভেকচিনটোৰ উপযোগিতাৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে।

ৰাছিয়াৰ স্বাস্থ্যমন্ত্ৰী মিখাইল মুৰাস্কোৱে এই অভিযোগৰ প্ৰত্যুত্তৰত কয়, “আমাৰ ভাৱ হৈছে, কোভিড ভেকচিন প্ৰস্তুতিৰ প্ৰতিযোগিতাত ৰাছিয়াৰ পিছত ৰৈ যোৱাসকলে এই ভিত্তিহীন অভিযোগসমূহ কৰিছে।”

উল্লেখ্য যে, মস্কোৱে আগন্তুক দুসপ্তাহৰ ভিতৰত প্রথমলানি ভেকচিন মুকলি কৰিব আৰু অক্টোবৰৰ পৰা বাণিজ্যিকভাৱে ইয়াৰ উৎপাদন আৰম্ভ কৰিব।