NORTHEAST NOW (Assamese)
অসম

ছেপ্তেম্বৰত পাকিস্তান ভ্ৰমণলৈ অহাৰ সম্ভাৱনা চীনা ৰাষ্ট্ৰপতি ঝিনপিঙৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2020 7:46 pm

কূটনৈতিক পৰিষদৰ বাৰ্ষিক দ্বিপাক্ষিক বৈঠকৰ অংশস্বৰূপে চীনৰ ৰাষ্ট্ৰপতি ঝি ঝিনপিঙে ছেপ্তেম্বৰ মাহত পাকিস্তান ভ্ৰমণলৈ অহাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে, ঝি ঝিনপিঙ বিগত জুন মাহত পাকিস্তান ভ্ৰমণলৈ অহাৰ কথা আছিল যদিও ক’ৰ’না মহামাৰীৰ বাবে তেওঁ ভ্ৰমণ সূচী পিছুৱাবলৈ বাধ্য হয়।

চীন আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে চীনা ৰাষ্ট্ৰপতি গৰাকীয়ে ২০১৫ চনত পাকিস্তান ভ্ৰমণলৈ আহিছিল।

উল্লেখযোগ্য যে, ভাৰত আৰু চীনৰ মাজত লাডাখ সীমান্তত উত্তেজনাময় পৰিস্থিতি চলি থকাৰ সময়ত চীনা ৰাষ্ট্ৰপতি ঝিনপিঙৰ পাকিস্তান ভ্ৰমণে যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।

লাডাখত দুয়োদেশৰ সেনা বাহিনীয়ে সমৰ সজ্জা প্ৰস্তুত কৰি উলিওৱাৰ সমান্তৰালভাৱে পাকিস্তানেও নিজৰ সেনা বাহিনীক সষ্টম কৰি ৰাখিছিল বুলি বিভিন্ন সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছিল।