NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছে মাৰিলে নেকি কফিনৰ শেষৰটো গজাল? কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 14, 2020 9:11 pm
Himanta Biswa Sarmah jpg

সমাগত বিধান সভাৰ নিৰ্বাচন। ২০২১ ৰ বিধানসবা নিৰ্বাচনৰ দিন চাপি অহাৰ বাবে এতিয়া শাসকীয় বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত যি বাক-বিতণ্ডা সেয়া তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে।

বিশেষকৈ ৰিপুন বৰাই যদি কোনো কথাত হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে তাৰ পাছত তাক লৈয়ে আকৌ সৰব হৈ পৰে মন্ত্ৰীগৰাকী।

২০২১ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মাজত মিত্ৰতাৰ কথা ইতিমধ্যে চুড়ান্ত হৈ পৰিছে।

তাক লৈ যেন মুঠেও সন্তুষ্ট নহয় স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজত বিজেপিৰ নেতা-কৰ্মীৰ মাজত অনুষ্ঠিত হোৱা প্লাজমা দান অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মিত্ৰতাৰ সন্দৰ্ভত সৰব হৈ পৰে স্বাস্থ্য মন্ত্ৰীগৰাকী।

হিমন্ত বিশ্ব শৰ্মাৰ মতে ‘কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মিত্ৰতা কেৱল ৬ নং দফা বুলিয়েই নহয়, এইটো এটা আত্মঘাতী পদক্ষেপ।‘

ইপিনে, এইবাৰ কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মিত্ৰতা হ’লে কংগ্ৰেছে পূৰ্বে লাভ কৰা ভোটৰ হাৰতকৈয়ো এইবাৰ ভোটৰ হাৰ একেবাৰেই কমি যাব বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় ‘কংগ্ৰেছ দলৰ অসমীয়া মানুহৰ মাজত ৰৈ যোৱা যি প্ৰভাৱ আছিল এইবাৰ বিধান সভাৰ নিৰ্বাচনত সেইখিনিও নোহোৱা হ’ব।‘

‘কংগ্ৰেছৰ যদি ক’ৰবাত এক দুই শতাংশ ভোট ৰৈ গৈছিল সেইখিনিও নোহোৱা হৈ যাব।‘ মন্ত্ৰীগৰাকীয়ে লগতে কয়।

বাকী যি নহওঁক, মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছে এআইয়ুডিএফৰ সৈতে মিত্ৰতা কৰিলে কংগ্ৰেছৰ কফিনৰ শেষ গজালটো নিজে মাৰি ল’ব নেকি?