NORTHEAST NOW (Assamese)
অসম

সর্বকালৰ অভিলেখ ভংগ: ৩৫বছৰ পুৰণি জোতা বিক্ৰী হ’ল ৪.৬০কোটি টকাত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 16, 2020 1:30 pm
মাইকেল জৰ্ডানৰ জোতা

এযোৰ জোতাৰ দাম কিমান হ’ব পাৰে? সেয়া সহজতেই অনুমান কৰিব পৰা বিধৰ যদিও ইয়াত এনে এযোৰ জোতাৰ দাম ক’ব খোজা হৈছে যিটো কল্পনা কৰিবলৈ টান আৰু সেয়াও এযোৰ পুৰণি জোতাহে।

প্ৰসিদ্ধ বাস্কেটবল খেলুৱৈ আৰু আমেৰিকাৰ ড্ৰীম টীমৰ অংশ হিচাপে থকা মাইকেল জৰ্ডানৰ স্নীকাৰ্ছ (খেলত পৰিধান কৰা জোতা) ৬লাখ ১৫হাজাৰ ডলাৰৰ অভিলেখ পৰিমানৰ দামত নীলাম হৈছে।

ক্ৰিস্তী অকশ্যনৰ মতে এই বিশেষ জোতাযোৰে প্ৰায় ৪কোটি ৬০লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছে।

কোম্পানীটোৱে জানিবলৈ দিয়ে যে কেইমাহমান পূৰ্বে এই বাস্কেটবল তাৰকাগৰাকীৰ এযোৰ জোতা অভিলেখ গঢ়ি বিক্ৰী হৈছিল। এইবাৰ সেই অভিলেখো ভংগ হৈছে।

যোৱা মে’ মাহত এয়াৰ জৰ্ডান-১টীমৰ তেওঁৰ জোতাযোৰ ৫লাখ ৬০হাজাৰ ডলাৰত বিক্ৰী হৈছিল।

আনহাতে, আয়োজকসকলে নতুন নীলামত জোতাযোৰে পোৱা দাম আৰু অধিক লাভ কৰিব বুলি আশা কৰিছিল।

আয়োজকসকলে জানিবলৈ দিয়া মতে, এই স্নীকাৰ্ছ জৰ্ডান-১টীমৰ যি যোৰ এনবিএ তাৰকাগৰাকীয়ে ১৯৮৫চনত এখন প্ৰদৰ্শনীমূলক মেচত পিন্ধিছিল।

মেচখন ইটালীত খেলোৱা হৈছিল আৰু সেই মেচখনত জৰ্ডানে বলটো ইমান জোৰেৰে মাৰিছিল যে বেকবোৰ্ডৰ গ্লাছ ভাঙি গৈছিল।

বাতৰি অনুসৰি, জৰ্ডানে নিজৰ ১৪বছৰীয়া কেৰিয়াৰত যিমান জোতা পিন্ধিছিল, সেই সকলো ৯যোৰ জোতাৰ নীলাম হৈ গৈছে। এই সকলোবোৰৰে নীলাম ক্ৰিস্তীয়ে সম্পন্ন কৰিছে।

ছিকাগো বুল্ছৰ এই তাৰকা খেলুৱৈগৰাকীৰ অৱসৰৰ কেইবাবছৰ পাৰ হৈ যোৱাৰ পাছতো তেওঁৰ অনুৰাগীৰ সংখ্যা হ্ৰাস পোৱা নাই।

জৰ্ডানক নেশ্যনেল বাস্কেটবল লীগ অৰ্থাৎ এনবিএৰ সৰ্বকালৰ মহান খেলুৱৈৰ শাৰীত ধৰা হয়।

নব্বৈৰ দশকত ছিকাগো বুল্ছৰ পৰা খেলি জৰ্ডানে ৬টা এনবিএ খিতাপ জয় কৰাৰ লগতে প্ৰতিবাৰে তেওঁ ম’ষ্ট ভেল্যুয়েব’ল প্লেয়াৰ নিৰ্বাচিত হৈছিল।