NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন ক্ৰিকেটাৰ চেতন চৌহান আৰু নাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 16, 2020 6:35 pm
Former Indian cricketer Chetan Chauhan passes away

ভাৰতৰ প্ৰাক্তন অপেনিং বেটছমেন, উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী চেতন চৌহানৰ দেওবাৰে মৃত্যু হৈছে। তেওঁৰ বয়স আছিল ৭৩ বছৰ।

চৌহান যোৱা জুলাইত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছিল আৰু চিকিৎসাধীন অৱস্থাত আছিল।

বাতৰি মতে, ক’ভিডৰ সংক্ৰমণে তেওঁৰ বৃক্কত প্ৰভাৱ পেলাইছিল আৰু ৰক্তচাপত সমস্যাৰ সৃষ্টি কৰিছিল।

প্ৰথম অৱস্থাত তেওঁক লক্ষ্ণৌত চিকিৎসা কৰা হৈছিল যদিও পিছত গুৰুগ্ৰামৰ মেডান্ত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

শুকুৰবাৰে নিশা তেওঁৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটে আৰু তেওঁক লাইফ চাপ’ৰ্টত ৰখা হৈছিল।

চৌহানে ’৭০ দশকৰ শেষৰ ফালে সুনীল গাভাস্কাৰৰ সৈতে ভাৰতীয় টেষ্ট দলৰ অ’পেনিং কৰিছিল।

১২ বছৰীয়া ক্ৰিকেট জীৱনত চৌহানে ৪০খন টেষ্টত ভাৰতৰ হৈ ২,০৮৪ ৰান সংগ্ৰহ কৰিছিল, তাৰ মাজত আছিল ১৬টা অৰ্ধ শতক।

গাভাস্কাৰৰ সৈতে তেওঁৰ যুটিয়ে ৩০০০তকৈ অধিক ৰান সংগ্ৰহ কৰিছিল।

তেওঁ ভাৰতীয় দলৰ হৈ সাতখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলতো ভাগ লৈছিল আৰু ১৫৩ ৰান সংগ্ৰহ কৰিছিল।

১৯৮১ চনত তেওঁলৈ অৰ্জুন বঁটা আগবঢ়োৱা হৈছিল।

চৌহানে দিল্লী আৰু মহাৰাষ্ট্ৰৰ হৈ ৰঞ্জি খেলত ভাগ লৈছিল আৰু পিছৰ সময়ত বিভিন্ন পদবীত ডি ডি চি এ (Delhi & Districts Cricket Association) কাৰ্য্যনিৰ্বাহ কৰিছিল।

১৯৯১ আৰু ১৯৯৮ চনত তেওঁ উত্তৰ প্ৰদেশৰ আমৰ’হা সমষ্টিৰ পৰা লোক সভালৈ নিৰ্বাচিত হৈছিল।