NORTHEAST NOW (Assamese)
Popular Stories

তুংগত লুৰীণ-হিমন্তৰ বাকযুদ্ধ! : ‘টিআৰপিৰ পৰা আৰম্ভ কৰি পাণবজাৰ থানাৰ গোচৰলৈকে’ লুৰীণৰ মুখত হিমন্ত আখ্যান

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 16, 2020 9:18 pm
Himanta VS Lurin(1)

তুংগত উঠিলে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ মাজত চলি থকা বাকযুদ্ধ।

কালি ছাত্ৰ নেতাজনক কেন্দ্ৰ কৰি হিমন্তই কঠোৰ সমালোচনা কৰাৰ পাছতে তেওঁক উভটি ধৰিছে লুৰীণজ্যোতি গগৈয়ে।

হিমন্তই লুৰীণক কাৰোবাৰ সৈতে বেয়া কথা কোৱাৰ প্ৰতিযোগিতা কৰি আগবাঢ়িব বিচাৰিছে বুলি কৰা মন্তব্যৰ উত্তৰ দি লুৰীণে কয় ‘তেওঁৰ দৰে অতি ব্যক্তিকেন্দ্ৰিক, স্বৈৰতান্ত্ৰিক ফেচিষ্ট মানসিকতাৰ ব্যক্তি কাৰণে কোনো ব্যক্তিৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা বুলি মানুহক বিভ্ৰান্ত কৰিব বিচাৰিছে। তেওঁৰ কাম-কাজবোৰত এই কথাবোৰ প্ৰতিফলিত হয়।‘

ইপিনে, লুৰীণজ্যোতি গগৈয়ে বেয়া কথা কোৱা বুলি গুৰুতৰ অভিযোগ তোলাৰ পাছত তাৰ প্ৰত্যুত্তৰত লুৰীণে কয় ‘কিছুদিনৰ আগত তেওঁ ৰাজহুৱাভাৱে চুম্বন আলিঙ্গনৰ দৰে কথা বা মানুহৰ আদিম জৈৱিক চেতনা ৰাজহুৱাকৈ আহ্বান কৰাটো কিমান সংস্কৃত মনৰ পৰিচয় সেই কথা মানুহে উমান পাইছে।‘

‘আনকি অগপ দলক জোতাৰে মাৰিম বুলি কোৱা এইগৰাকী মন্ত্ৰীয়ে নীতিশিক্ষা অসমৰ জনসাধাৰণক নিদিয়াই ভাল।‘ লুৰীণজ্যোতি গগৈয়ে এইদৰে কয়।

হিমন্তক কটাক্ষ কৰি লুৰীণে কয় ‘তেওঁ যিবোৰ জ্ঞান পাইছে সেইবোৰ নিশ্চয় আমি নাপাওঁ। কটন মহাবিদ্যালয়ত থাকোতে পিষ্টল দেখুৱাই চান্দা তুলি জেইললৈ বা থানালৈ যোৱা এগৰাকী ব্যক্তি। তেনেকুৱাধৰণৰ জ্ঞান আমাক নিশ্চয় নালাগে।‘

ইপিনে, লুৰীণজ্যোতি গগৈয়ে কৰা অনুষ্ঠানৰ পাছত তাৰ টিআৰপি শূণ্য বুলি হিমন্তই কৰা মন্তব্যৰ পাছত তাৰ প্ৰত্যুত্তৰত লুৰীণে কয় ‘তেওঁ মোৰ টিআৰপিৰ কথা কৈছে। আমি আচলতে বুজি পাইছিলো কিন্তু কোৱা নাছিলো। তেওঁক ধন্যবাদ জনাইছো তেওঁ অতদিনে যিবোৰ কাম-কাজ কৰি আছে সেইবোৰ টিআৰপিক লক্ষ্য কৰিয়ে চলা-ফুৰা কৰে।’

লগতে তেওঁ কয়, ‘হেলিকপ্তাৰৰে কাৰোবাক গামোছা পিন্ধাই বিদায় দিবলৈ গৈছিল যিটো কাম এগৰাকী নাৰ্ছে কৰিব পাৰে। বিমান বন্দৰত গৈ ব্লু-ডাৰ্টৰ যিখন কাৰ্গ’ প্লেন সেইখনৰ পৰা তেওঁ নিজে পিপিই কিট সংগ্ৰহ কৰিবলৈ গ’ল সেইবোৰ যে টিআৰপিৰ কাৰণে কৰিলে সেয়া তেওঁ নিজে স্বীকাৰ কৰিলে। তেওঁ ইয়াৰ লগে লগে এইটো কথাও স্বীকাৰ কৰিলে যে তেওঁ অতদিনে যি সংবাদ মেল দি আছিল যিবোৰ কাম আন আন ৰাজ্যত মুখ্যমন্ত্ৰীয়ে কৰে। এয়া কেৱল টিআৰপিৰ কাৰণে কৰিছিল। কোভিভ চেন্টাৰত গৈ পিপিই কীট পৰিধান কৰি টিভিত ভিজুৱেল উলিয়াই ঘূৰি আহি কোভিভ প্ৰটক’ল অনুসৰি কোৱাৰেন্টাইনত নাথাকে। সেইবোৰ যে কেৱল টিআৰপিৰ পাছে পাছে দৌৰা কথা আছিল সেয়া প্ৰমাণ হৈ গৈছে।‘

‘তেওঁক মানুহে ছাত্ৰ সন্থাৰ পৰা বহিস্কৃত নেতা বুলি জানে। তেওঁ বিভিন্ন গোচৰত অপৰাধী হৈ পাণবজাৰ থানাত লাং খাই পৰি থকা বুলি জানে। তেওঁ জেইললৈ যোৱা বুলি জানে। সাৰদা কেলেংকাৰী কৰা বুলি সকলোৱে জানে।‘ হিমন্তক সমালোচনা কৰি লুৰীণে এইদৰে কয়।

এনেদৰেই এতিয়া ব্যক্তিগত আক্ৰমণ-প্ৰত্যাক্ৰমণৰে তুংগত উঠিছে লুৰীণ-হিমন্তৰ বাকযুদ্ধ।