NORTHEAST NOW (Assamese)
Popular Stories

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ক’লে, ‘এতিয়াই বলৱৎ নহয় CAA’; কিন্তু কেতিয়াৰ পৰা বলৱৎ কৰা হ’ব CAA?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 2, 2021 8:33 pm
index.jpgaaaaaa

সংশোধিত নাগৰিকত্ব আইন অৰ্থাৎ CAA এতিয়াই দেশত বলৱৎ কৰা নহয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী মন্ত্ৰণালয়ে জনাইছে এই কথা।

স্মৰ্তব্য যে ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল যে কোভিড পৰিস্থিতি শাম কটা অৰ্থাৎ কোভিড ভেকচিন টিকাকৰণৰ পিছতে দেশত CAA বলৱৎ কৰা হ’ব।

পিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মতে CAA বলৱৎকৰণ বাবে প্ৰস্তুতি চলাই থাকিলেও অহা তিনি মাহৰ ভিতৰত ইয়াক বলৱৎ কৰিব পৰা নাযায়।

মন্ত্ৰণালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি অহা ৯ জুলাইৰ পৰাহে CAA দেশত বলৱৎ কৰা হ’ব পাৰে।

উল্লেখ্য আইনত পৰিণত হোৱাৰ ১৩ মাহ অতিক্ৰম কৰাৰ পিছতো কেন্দ্ৰই CAA দেশ বলৱৎ কৰিব পৰা নাই।