NORTHEAST NOW (Assamese)
অসম

মাজ নিশা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক আক্ৰমণ কৰা ৪ অভিযুক্তই লাভ কৰিলে জামিন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 17, 2020 6:17 pm
index.jpgaa

জামিন পালে জুবিন গাৰ্গক নিশা ৰাজপথত আক্ৰমণ কৰিবলৈ চেষ্টা কৰা ৪ অভিযুক্তই।

গুৱাহাটী CJM কৰ্টে জামিন মঞ্জুৰ কৰে NSUIৰ নেতা কেইজনৰ।

জামিন লাভ কৰিলে ক্ৰমে ডঃ অৰূপজ্যোতি তালুকদাৰ, হীৰকজ্যোতি ৰাজবংশী, দিশান ভাগৱতী আৰু গীতাৰ্থ ডেকাই।

প্ৰতিজন অভিযুক্তই ১০,০০০ টকা বণ্ডৰ বিনিময়ত জামিন লাভ কৰে।

অহা ৫ দিনৰ ভিতৰত অভিযুক্তকেইজনক দিছপুৰ থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে আদালতে।

বৰ্তমানলৈকে দিছপুৰ আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাছিল অভিযুক্তক।

নৈশ কাৰ্ফিউ চলি থকা মাজতে যোৱা ১৩ জুলাই নিশা জুবিনক আক্ৰমণৰ চেষ্টা চলোৱা বুলি অভিযোগ তুলি দিছপুৰ থানাত ১২৩৫/২০ নম্বৰত গোচৰ ৰুজু কৰা হৈছিল।

তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৪৩/১৮৮/২৬৯/২৭০/৩৪১/২৯৪/৫০০/৫০৬ ধাৰাত গোচৰ ৰুজু কৰিছিল আৰু গোটেইকেইটাতে অগ্ৰিম জামিন লাভ কৰে অভিযুক্তকেইজনে।