NORTHEAST NOW (Assamese)
Popular Stories

প্ৰধানমন্ত্ৰী মোদীক সকাহ সৰ্বোচ্চ ন্যায়ালয়ৰ : ‘পি এম কেয়ার্ছ’ৰ ধন ৰাষ্ট্ৰীয় সাহায্য পুঁজিলৈ নহয় হস্তান্তৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 18, 2020 3:14 pm
prime-minister-narendra-modi-759-750x375

মহামাৰী ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ গঠন কৰা ‘পি এম কেয়াৰ্ছ ফাণ্ড’ৰ তহবিলত জমা হোৱা ধন প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ হস্তান্তৰ কৰিব নোৱাৰিব।

মংগলবাৰে পি এম কেয়াৰ্ছৰ ধন হস্তান্তৰকৰণ দাবী সম্বলিত এক আবেদন খাৰিজ কৰি এইদৰে কয় দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ন্যায়ালয়ে লগতে আৰু কয় যে ‘গণ দাতব্য পুঁজি’(Public Charitable Fund) হিচাপেহে ‘পি এম কেয়াৰ্ছ ফাণ্ড’ক গঠন কৰা হৈছে।

পি এম কেয়াৰ্ছ ফাণ্ডৰ ধন আনকি ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিলৈও হস্তান্তৰ কৰিব নোৱৰিব বুলি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে।

ইফালে সৰ্বোচ্চ ন্যায়ালয়ে পি এম কেয়াৰ্ছৰ বৈধতাৰ সম্পৰ্কত বিৰোধীয়ে তুলি অহা প্ৰশ্নৰো এক মীমাংসা কৰিছে।

সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষণ, ন্যায়াধীশ আৰ সুভাষ ৰেড্ডি আৰু ন্যায়াধীশ এম আৰ শ্বাহৰ তিনিজনীয়া সদস্যৰ খণ্ড বিচাৰপীঠে পি এম কেয়াৰ্ছ ফাণ্ড সম্পৰ্কীয় এক আবেদনৰ শুনানি লৈ পি এম কেয়াৰ্ছ ফাণ্ডক এটা গণ দাতব্য ন্যাস হিচাপে ইয়াৰ বৈধতা আছে বুলিও মতপোষণ কৰিছে।

“গণ দাতব্য তহবিল হিচাপে ইয়াৰ বৈধতা আছে। ইয়াৰ সমস্ত ধন প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ হস্তান্তৰ কৰাৰ কোনো প্ৰয়োজন নাই।” খণ্ড বিচাৰপীঠে কয়।

ইয়াৰ লগতে সৰ্বোচ্চ ন্যায়ালয়ে কয় যে যিকোনো ব্যক্তি, সংস্থা আদিয়ে ৰাষ্ট্ৰীয় দুৰ্যোগৰ সৈতে দেশে মোকাবিলা কৰিবলৈ গঠন কৰা পি এম কেয়াৰ্ছ ফাণ্ডলৈ সাহায্য আগবঢ়াব পাৰিব।

উল্লেখ্য যে, দেশত মহামাৰী ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ চলিত বছৰৰ ২৮ মাৰ্চত Minister’s Citizen Assistance and Relief in Emergency Situations বা পি এম কেয়াৰ্ছ ফাণ্ড গঠন কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত গঠিত এই ন্যাসৰ সদস্য হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীও আছে।

মূলতঃ কোভিড মহামাৰীৰ ফলত ক্ষতিগ্ৰস্তসকলক সহায় কৰাৰ বাবেই পি এম কেয়াৰ্ছ ফাণ্ড গঠন কৰা হৈছিল।

কিন্তু দেশত ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজি(এনডিআৰএফ) থকাৰ পিছতো পি এম কেয়াৰ্ছ ফাণ্ড গঠনকলৈ বিভিন্ন পক্ষই প্ৰশ্ন উত্থাপন কৰি আহিছে।

চেন্টাৰ ফৰ পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন(চিপিআইএল) নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ হৈ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে উচ্চতম ন্যায়ালয়ত পি এম কেয়াৰ্ছ ফাণ্ডৰ ধন ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিলৈ হস্তান্তৰ কৰাৰ দাবীৰে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল।

আজি সৰ্বোচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰি পি এম কেয়াৰ্ছ ফাণ্ডৰ ধন ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিলৈ হস্তান্তৰ কৰাৰ কোনো প্ৰয়োজন নাই বুলি ৰায় দিছে।