NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত ৩৫২০ গৰাকীলৈ বৃদ্ধি কোভিড প’জিটিভ লোকৰ সংখ্যা; নতুনকৈ ৬৫ গৰাকী লোক কোভিড সংক্ৰমিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 18, 2020 7:56 pm
COVID19-1140x570

নাগালেণ্ড বিগত ২৪ ঘণ্টাত ৬৫ গৰাকী লোক কোভিড প’জিটিভ ৰূপে চিনাক্ত হয়।

ইয়াৰ ফলত ৰাজ্যখনত কোভিড প’জিটিভ লোকৰ সংখ্যা ৩৫২০ গৰাকীলৈ বৃদ্ধি পায়।

নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগনু ফোমে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

আজিৰ দিনটোত নাগালেণ্ডত মুঠ ৫০৩ টা নমুনাৰ পৰীক্ষা সম্পন্ন হয় যাৰ ভিতৰত ৬৫ গৰাকী লোক প’জিটিভ হয়।

আজিৰ দিনটোত কোভিড প’জিটিভ হোৱা লোক সকলৰ ভিতৰত ৪১ গৰাকী কোহিমা, ২৩ গৰাকী ডিমাপুৰ আৰু এগৰাকী মোন জিলাৰ।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কোভিড প’জিটিভ লোক সকলৰ সংস্পৰ্শলৈ অহা লোক সকলক কোৱাৰেণ্টাইন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও লগতে জানিবলৈ দিয়ে।

আনহাতে, মঙলবাৰৰ দিনটোত নাগালেণ্ডত ১৩৪ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠে।

ইয়াৰ ভিতৰত ৭৯ গৰাকী ডিমাপুৰ, ৩৬ গৰাকী কোহিমা আৰু ১৯ গৰাকী অন্যান্য জিলাত সুস্থ হৈ উঠে।

কোভিডৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠা লোক সকলকো নিৰীক্ষণৰ মাজত ৰখা হৈছে বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সদৰী কৰে।