NORTHEAST NOW (Assamese)
দেশ

ৰাহুল গান্ধীৰ তীক্ষ্ণ বাক্যশেল: ‘মোৰ টি-চাৰ্টৰ ওপৰত দৃষ্টি দিয়া মিডিয়াৰ চকুত নপৰে দৰিদ্ৰৰ ফটা পোচাক’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 5, 2023 8:56 am
Rahul Gandhi Bharat Jodo Yatra

প্ৰায় চাৰি মাহ ধৰি জোৰদাৰ ৰূপত চলি থকা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা বৰ্তমান উত্তৰ প্ৰদেশত। মঙলবাৰে দিল্লী এৰি উত্তৰ প্ৰদেশত প্ৰৱেশ কৰা ৰাহুল গান্ধী নেতৃত্বাধীন এই যাত্ৰাই বিজেপি শাসিত ৰাজ্যখনতো লাভ কৰিছে আশাপ্ৰদ সঁহাৰি। বুধবাৰে ৰাজ্যখনত যাত্ৰাত সমবেত সমৰ্থকসকলক উদ্দেশ্যি দিয়া ভাষণত পুনৰবাৰ আক্ৰমণাত্মক হৈ পৰে ৰাহুল গান্ধী।

কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীয়ে কয় যে দলৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ উদ্দেশ্য হৈছে ৰাইজৰ মনৰ পৰা ভয় আঁতৰাই মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাৰ ওপৰত আলোকপাত কৰা।

যাত্ৰাৰ সময়ত শীতকালত টি-চাৰ্ট পিন্ধা বুলি চৰ্চা চলি থকাৰ মাজতে গান্ধীয়ে কয় যে সংবাদ মাধ্যমে তেওঁৰ সাজ-পোছাকক চৰ্চাৰ মাধ্যম কৰি তুলিছে যদিও ফটা কাপোৰ পিন্ধি তেওঁৰ লগত খোজ কাঢ়ি যোৱা দৰিদ্ৰ কৃষক আৰু শ্ৰমিকসকলৰ ওপৰত দৃষ্টি দিয়া নাই।

যাত্ৰাৰ সময়ত বাঘপাট-শ্বামলি সীমান্তৰ বৰাউতত অনুষ্ঠিত পথৰ কাষৰ এক সভাত ভাষণ দি মিষ্টাৰ গান্ধীয়ে কয় যে ১১০ দিনত খোজকাঢ়ি ৩ হাজাৰ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰাৰ পিছতো তেওঁ ভাগৰ অনুভৱ কৰা নাই বা টি-চাৰ্টত ঠাণ্ডা অনুভৱ কৰা নাই।

সংবাদ মাধ্যমক লক্ষ্য কৰি তেওঁ কয় যে মই তেওঁলোকক বন্ধু বুলি কওঁ কিন্তু তেওঁলোকে বন্ধুৰ কৰ্তব্য পালন কৰা নাই কাৰণ তেওঁলোকে নিজৰ স্বত্বাধিকাৰীৰ ভয়ত প্ৰকৃত বিষয়সমূহ উত্থাপন নকৰে।

নিজ ভাষণত গান্ধীয়ে কয়, “যিহেতু সংবাদ মাধ্যমে মানুহৰ সমস্যাৰ ওপৰত আলোকপাত কৰা নাই, গতিকে আমি সংসদত বিমুদ্ৰাকৰণ, ভুল জিএছটি, মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰ সৈতে জড়িত বিষয়বোৰ উত্থাপন কৰাৰ কথা ভাবিলোঁ। কিন্তু আমাৰ মাইক বন্ধ কৰি দিয়া হ’ল।”

“গতিকে আমি ভাবিলোঁ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজ কাঢ়ি যাওঁ, ৰাইজৰ কথা শুনোঁ।”— গান্ধীয়ে লগতে কয়। ‘ভাৰত জোডো যাত্ৰা’ৰ জৰিয়তে ৰাইজৰ মনৰ পৰা ভয় আঁতৰাই মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাক উত্থাপন কৰিব বিচৰা হৈছে বুলি তেওঁ লগতে দোহাৰে।