NORTHEAST NOW (Assamese)
অসম

আই চি চিৰ শেহতীয়া টেষ্ট ৰেংকিং; বেছমেনৰ স্মিথ শীৰ্ষত, কোহলী দ্বিতীয় স্থানত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 18, 2020 10:10 pm
Virat Kohli

আই চি চিয়ে শেহতীয়াভাৱে টেষ্ট ৰেংকিঙৰ তালিকা প্ৰকাশ কৰিছে য’ত বেটছমেনৰ ৰেংকিঙত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী দ্বিতীয় স্থানত আছে।

বিৰাট কোহলীয়ে ৮৮৬ পইণ্টেৰে দ্বিতীয় স্থানত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথে ৯১১ পইণ্টেৰে প্ৰথম স্থান অধিকাৰ কৰি আছে।

আনহাতে, শীৰ্ষ দহৰ ভিতৰত থকা আন দুগৰাকী ভাৰতীয় বেটছমেন হ’ল ক্ৰমে চেতেশ্বৰ পূজাৰা(অষ্টম) আৰু আজিংক ৰাহানে(দশম)।

পাকিস্তানৰ বেটছমেন বাবৰ আজমে পুনৰ শীৰ্ষৰ পাঁচগৰাকী বেটছমেনৰ ভিতৰত প্ৰৱেশ কৰিছে।

বাবৰ আজমে ৭৯৮ পইণ্টেৰে  পঞ্চম স্থানত আছে।

অষ্ট্ৰেলিয়াৰ মাৰ্ণাছ লাবুছানে আৰু নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন ক্ৰমে তালিকাৰ তৃতীয় আৰু চতুৰ্থ স্থানত আছে।