NORTHEAST NOW (Assamese)
Popular Stories

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 5, 2025 7:42 pm

দেশৰ উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান আইআইটি, গুৱাহাটীলৈ সুখবৰ কঢ়িয়াই আনিছে এগৰাকী মেধাৱী ছাত্ৰীয়ে। কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত নেটৱৰ্ক চমুকৈ CYPANৰ কাৰ্যবাহী সমিতিৰ পদৰ বাবে হিচাপে নিৰ্বাচিত হৈছে আইআইটি, গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল। জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ বি টেক চতুৰ্থ তথা চূড়ান্ত বৰ্ষৰ ছাত্ৰী সুকন্যা।

মেধাৱী ছাত্ৰীগৰাকীক হিংসাত্মক কাৰ্যকলাপ, উগ্ৰবাদ আদি প্ৰতিহত কৰাৰ লগতে শান্তি আৰু সম্প্ৰীতিৰ বাণী প্ৰসাৰৰ বাবে নিৰ্বাচিত কৰিছে কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত কাৰ্যনিৰ্বাহক সমিতিয়ে। উল্লেখ্য যে কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত কাৰ্যনিৰ্বাহক সমিতিয়ে ২০২৫-২০২৭ দুটা বৰ্ষৰ বাবে তেওঁক এই দায়িত্ব প্ৰদান কৰিছে। ছাত্ৰীগৰাকীয়ে অহা দুবছৰত কমনৱেলথ দেশসমূহৰ বাবে যোগাযোগ আৰু জনসংযোগত কাম কৰিব। উল্লেখযোগ্য যে CYPAN হৈছে যুৱক-যুৱতীৰ নেতৃত্বত লোৱা এক পদক্ষেপ, যিয়ে ৫৬খন সদস্য ৰাষ্ট্ৰত হিংসাত্মক উগ্ৰবাদক প্ৰতিহত কৰাৰ লগতে শান্তি, সন্মান আৰু বুজাবুজিৰ প্ৰসাৰৰ বাবে কাম কৰে।

উল্লেখ্য যে, তিনিটা পৰ্যায়ৰ কঠোৰ বাছনি প্ৰক্ৰিয়াৰ মাজেৰে এই দায়িত্বৰ বাবে নিৰ্বাচিত হয় মেধাৱী ছাত্ৰী সুকন্যা সোণোৱাল। তেওঁ লখিমপুৰ জিলাৰ ডঃ টিকেন্দ্ৰ সোণোৱালৰ কন্যা।