NORTHEAST NOW (Assamese)
অসম

ঝাৰখণ্ডৰ স্বাস্থ্য মন্ত্ৰী ক’ৰ’না প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 19, 2020 10:09 am

ঝাৰখণ্ডৰ স্বাস্থ্য মন্ত্ৰী বানা গুপ্তাৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

মঙলবাৰে স্বাস্থ্য মন্ত্ৰী বানা গুপ্তাই তেওঁ ক’ৰ’না ভাইৰাছৰ চিকিৎসা গ্ৰহণ কৰি আছে বুলি প্ৰকাশ কৰে।

”বিগত কেইদিনত যিসকল লোক মোৰ সংস্পৰ্শলৈ আহিছে সকলোকে কোভিডৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে অনুৰোধ কৰিছো,” স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে।

আনহাতে, সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থাৰ(এ জে এছ য়ু)ৰ সভাপতি সুদেশ মাহতোয়ো মঙলবাৰে তেওঁ ক’ৰ’না প’জিটিভ হৈছে বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, ঝাৰখণ্ডৰ স্বাস্থ্য মন্ত্ৰীৰ পূৰ্বে কৰ্ণাটক, দিল্লীৰ স্বাস্থ্য মন্ত্ৰীও ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল।

তদুপৰি, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহান, কৰ্ণাটকৰ মুখ্য মন্ত্ৰী য়েৰিদুপ্পাৰও ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল যদিও চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।